নতুন দিল্লী, ১৭ ছেপ্টেম্বৰ (হি.স.)। বেলাৰুছৰ টেনিছ কিংবদন্তি তথা ইউ এছ অ’পেন চেম্পিয়ন আৰিনা ছাবালেংকাই আঘাতৰ বাবে চাইনা অ’পেনৰ পৰা আঁতৰি আহিছে বুলি বুধবাৰে আয়োজকসকলে ঘোষণা কৰে। চলিত মাহৰ আৰম্ভণিতে আমাণ্ডা এনিছিমোভাক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউ এছ অ’পেন আৰু চতুৰ্থবাৰৰ বাবে গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰা বেলাৰুছ খেলুৱৈগৰাকীয়ে যোৱা বছৰ বেইজিঙত অনুষ্ঠিত হোৱা ডব্লিউ টি এ ১০০০ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
আয়োজকসকলে জাৰি কৰা এক বিবৃতিত ছাবালেংকাই কয় যে ইউ এছ অ’পেনৰ পিছত হোৱা সামান্য আঘাতৰ বাবে এইবাৰৰ চাইনা অ’পেনৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি মই দুখী হৈছো। লগতে কয় যে বছৰটোৰ বাকী সময়খিনি সম্পূৰ্ণ সুস্থ হৈ থকাৰ ওপৰত গুৰুত্ব দিম।
অহা ২৪ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ বেইজিঙৰ নেশ্যনেল টেনিছ চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া চাইনা অ’পেনৰ ডিফেণ্ডিং চেম্পিয়ন হৈছে আমেৰিকান কোকো গ’ফ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
