গুৱাহাটী, ২৬ অক্টোবৰ (হি.স.)। আজি বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ ঘৰুৱা খেলপথাৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে খেলিব। আৰু এই খেলখনত দুয়োটা দলে জয়ী হৈ সৰ্বাধিক পইণ্ট লাভ কৰি টেবুলৰ শীৰ্ষত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব। হাইলেণ্ডাৰছ আৰু ৰেড মাইনাৰ্ছে খেলা চাৰিখন মেচ, এখন জয়, দুখন ড্র আৰু এখন পৰাজয়ৰ পৰা পাঁচটাকৈ পইণ্ট লাভ কৰি ক্ৰমে পঞ্চম আৰু ষষ্ঠ স্থানত আছে।
এতিয়ালৈকে দুয়োটা দলৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত শীৰ্ষ ছটা দলৰ ভিতৰত আছে যদিও তেওঁলোকৰ খেল চাই যিকোনো ব্যক্তিয়ে অনুভৱ কৰে যে দুয়োটা দলেই নিশ্চিতভাৱে অধিক পইণ্টৰ যোগ্য। নতুন প্ৰশিক্ষকৰ অধীনত তেওঁলোকে নিজৰ ফলাফল উন্নত কৰিছে আৰু মুখ্য প্ৰশিক্ষকে অতি সোনকালে আৰু ভাল ফলাফলৰ আশা কৰিব।
নৰ্থইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে ডুৰাণ্ড কাপৰ ছেমি ফাইনেলকে ধৰি যোৱা চাৰিখন মেচত নিজৰ প্ৰেৰণাদায়ক খেল শৈলীৰ জৰিয়তে নৰ্থইষ্ট ইউনাইটেডৰ দলটোক সপোন দিঠকত পৰিণত কৰাৰ পুনৰ বিশ্বাস জগাইছে। হাইলেণ্ডাৰছৰ হয়তো বৰ ভাল ফলাফল পোৱা নাই, কিন্তু ভাগ্যই সাহসীসকলৰ অনুকূল আৰু ঘৰুৱা দলটোৱে যদি নিজৰ খেল শৈলী আৰু মানসিকতালৈ সক্ৰিয়তা, কঠোৰ পৰিশ্ৰম আৰু উদ্যম আনিব নোৱাৰে তেন্তে একো লাভ কৰিব নোৱাৰিব।
একে সময়তে জামছেদপুৰ এফ চিয়ে ৰেই তাচিকাৱাৰ সৃষ্টিশীলতাৰ সুবিধা ল’ব নে তেওঁৰ গ’ল দিয়াৰ ক্ষমতাৰ সুবিধা ল’বলৈ তেওঁক অধিক আগুৱাই খেলাব, সেই বিষয়ে দ্বিধাদ্বন্দ্বৰ সন্মুখীন হৈছে। জাপানী তাৰকাগৰাকীয়ে এতিয়ালৈকে দলটোৰ এই ছিজনৰ একমাত্ৰ গ’লটো দি পঞ্জাব এফ চিৰ বিৰুদ্ধে ০-০ গ’লত ড্র খেলখনত প্লেমেকাৰৰ ভূমিকা অতি উজ্জ্বলভাৱে পালন কৰিছে ৷ মুখ্য প্ৰশিক্ষক স্কট কুপাৰে বেকলাইন শক্তিশালী কৰিছে, মিডফিল্ডেও সংহতভাৱে খেলিছে, কিন্তু এতিয়া তেওঁলোকে খেলপথাৰৰ অন্তিম তৃতীয়াংশত ফলপ্ৰসূ উপস্থিতি হোৱাৰ প্ৰয়োজন, তাত থকা সুযোগৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ।
নৰ্থইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে তেওঁলোকৰ অভিযান আৰম্ভ হোৱাৰ কথা আৰু দলৰ প্ৰতিভাৱান যুৱকসকলক খেলাৰ সময় দিয়াৰ ক্লাবটোৰ লক্ষ্যৰ বিষয়ে কয়। তেওঁ কয়, ‘আমি ভাল আৰম্ভণি কৰিছো, যিটো আমি আশা কৰিছিলো। আমি এটা দল গঢ়ি তুলিছো আৰু প্ৰতিবাৰেই পইণ্ট লোৱাৰ সময়ত লাহে লাহে ইয়াৰ দিশে আগবাঢ়ি যোৱাটো সহজ নহয় আৰু আন দলৰ বিৰুদ্ধে খেলাটোও কঠিন হৈ পৰে। খেলুৱৈসকলক ভাল প্ৰদৰ্শনৰ বাবে উৎসাহিত কৰি ক্ৰমান্বয়ে যুৱক-যুৱতীসকলক সুযোগ দিয়াৰ কথা।”
জামছেদপুৰ এফ চিৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক স্কট কুপাৰে মেচৰ পূৰ্বে সংবাদমেলত কয় যে আমি প্ৰদৰ্শনত সন্তুষ্ট যদিও ফলাফলত হতাশ যিহেতু আমি জয়ী হ’ব লাগিছিল। বিশেষকৈ যোৱা মেচখনত, কাৰণ আমি বহু সুযোগ সৃষ্টি কৰিছিলো। আমি এটা ক্লাব যিটো দল হিচাপে বৃদ্ধি পাইছো, ঠিক নৰ্থইষ্টৰ দৰেই। আমি আৰু নৰ্থইষ্ট দুয়োজনে দেখুৱাইছো যে আমি নতুন দল, নতুন শৈলী, নতুন বিশ্বাস, নতুন খেলাৰ ধৰণ, নতুন প্ৰশিক্ষকৰ সৈতে, আৰু মই ভাবো দুয়োটা দলে সঁচাকৈয়ে ভাল কাম কৰিছে।”
উল্লেখ্য যে এতিয়ালৈকে দুয়োটা দলৰ মাজত ১২ খন মেচ অনুষ্ঠিত হৈছে। য’ত নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে এখন মেচত জয়লাভ কৰিছে আৰু জামছেদপুৰ এফ চিয়ে ৬খন মেচত জয়লাভ কৰিছে। দুয়োটা দলৰ মাজত ৫ খন মেচ ড্ৰ হৈছে।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
