দোহা, ০৩ ফেব্ৰুৱাৰী : অতিৰিক্ত সময়ত অধিনায়ক ছন হেউং-মিনৰ গ’লটোৰ বাবেই দক্ষিণ কোৰিয়াই অষ্ট্ৰেলিয়াক ২-১ গ’লত পৰাস্ত কৰি এ এফ চি এছিয়ান কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। মঙলবাৰে লাষ্ট ফোৰ মেচত জৰ্ডানৰ বিৰুদ্ধে খেলিব কোৰিয়ান দলটোৱে।
দক্ষিণ কোৰিয়াৰ মুখ্য প্ৰশিক্ষক জাৰ্গেন ক্লিন্সমেনৰ উদ্ধৃতিৰে জিনহুয়াই কয় যে, ‘মই বিচাৰো যে তেওঁলোকে প্ৰতিযোগিতা এখনৰ শেষত উপনীত হৈ ট্ৰফীৰ বাবে খেলাৰ অৰ্থ কি সেয়া অনুভৱ কৰক।’
ডোহাৰ আল জানুব ষ্টেডিয়ামত বেগী বতাহ আৰু অলপ শীতল নিশা এটাত ২০১৫ চনৰ সংস্কৰণৰ চেম্পিয়ন অষ্ট্ৰেলিয়া দলটোৱে খেলখন ভালদৰে আৰম্ভ কৰিছিল।
খেলখনৰ ৪২ মিনিটত ক্ৰেগ গুডউইনে নাথানিয়েল এটকিনছনৰ সৈতে ভাল কম্বিনেচনৰ অন্তত এক উৎকৃষ্ট গ’ল দি নিজৰ দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। প্ৰথমাৰ্ধৰ শেষত অষ্ট্ৰেলিয়াৰ দলটোৱে ১-০ গ’লত আগবাঢ়ি আছিল।
প্ৰথমাৰ্ধৰ পিছত দক্ষিণ কোৰিয়াই আৰু অধিক চেষ্টা চলাইছিল যদিও অষ্ট্ৰেলিয়াৰ ৰক্ষণভাগত ভেদ কৰিব নোৱাৰিলে।
প্ৰিমিয়াৰ লীগ ক্লাব উলভাৰহামপটন ৱাণ্ডাৰাৰছৰ ষ্ট্ৰাইকাৰ হৱাং হী-চানে অন্তিম মিনিটত গ’ল দি কোৰিয়াক সমতা স্থাপন কৰি মেচখন অতিৰিক্ত সময়লৈ লৈ যায়।
ইয়াৰ পিছতে প্ৰিমিয়াৰ লীগ ক্লাব টটেনহাম হটস্পাৰৰ তাৰকা ফৰৱাৰ্ড ছন হেউং-মিনে আঘাতৰ সময়ত এটা গ’ল দি দক্ষিণ কোৰিয়াৰ ২-১ গ’লত জয়লাভ নিশ্চিত কৰে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে জৰ্ডানে তাজিকিস্তানৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰে। দুবাৰকৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত অৱশেষত এইবাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় পশ্চিম এছিয়াৰ দলটোৱে।
