নতুন দিল্লী: পেৰিছ অলিম্পিকৰ বাবে ইটালীৰ বুষ্টো আৰ্চিজিঅ’ত দেওবাৰৰ পৰা আৰম্ভ হ’বলগা প্ৰথমখন বিশ্ব বক্সিং অৰ্হতা প্ৰতিযোগিতাত দুবাৰৰ অলিম্পিয়ান শিৱ থাপাৰ নেতৃত্বত ৯ জনীয়া ভাৰতীয় দলে অংশগ্ৰহণ কৰিব।
অলিম্পিক ডট কমৰ তথ্য অনুসৰি শিৱই ৬৩.৫ কেজি শাখাত অংশগ্ৰহণ কৰিব।
প্ৰতিখন দেশে অলিম্পিকৰ বাবে প্ৰতিটো ওজন শিতানত সৰ্বাধিক এটা কোটা লাভ কৰিব পাৰিব। যোৱা বছৰ হাংঝোত অনুষ্ঠিত এছিয়ান গেমছত চাৰিটা কোটা লাভ কৰা ভাৰতে ইটালীত আৰু ৯টা কোটা লাভ কৰিব পাৰে।
দেশসমূহে বক্সাৰক কেৱল সেই ওজনৰ শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিবলৈহে পঠিয়াব পাৰে য’ত তেওঁলোকে এতিয়াও কোটা লাভ কৰা নাই।
থাপাৰ লগতে দলটোত ২০২৩ চনৰ এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী নৰেন্দ্ৰ বেৰৱাল আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী মহম্মদ হুছামুদ্দিন, দীপক ভোৰিয়া আৰু নিশান্ত দেৱকে ধৰি সাতজন পুৰুষ আৰু দুগৰাকী মহিলা আছে। বৰ্তমানৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়ন লক্ষ্য চহৰ আৰু সঞ্জীত কুমাৰেও দলত স্থান লাভ কৰিছে।
২০২২ চনৰ কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী জেচমিন লেম্বোৰিয়া আৰু যুৱ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে মহিলা প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব।
বিগত বৰ্ষত এছিয়ান গেমছত মহিলা বক্সাৰ নিখাত জৰীণ (৫০ কেজি), প্ৰীতি পাৱাৰ (৫৪ কেজি), পাৰবীন হুদা (৫৭ কেজি) আৰু লভলিনা বৰগোহাঁই (৭৫ কেজি) কোটা নিশ্চিত কৰিছিল।
ইটালীত মুঠ ৪৯টা কোটাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পৰিব, য’ত ১৩টা ওজন শাখাত পুৰুষৰ বাবে ২৮টা আৰু মহিলাৰ বাবে ২১টা কোটা থাকিব। প্ৰতি ওজন বিভাজনত মহিলাৰ ৫৭ কেজি (দুটা কোটা) আৰু মহিলাৰ ৬০ কেজি (তিনি কোটা)ৰ বাহিৰে সৰ্বাধিক চাৰিটা কোটা উপলব্ধ হ’ব।
অধিক কোটা প্ৰদানৰ বাবে ২৬ মে’ৰ পৰা ২ জুনলৈ বেংককত অনুষ্ঠিত হ’ব দ্বিতীয়খন বিশ্ব অৰ্হতা প্ৰতিযোগিতা।
বিশ্ব অলিম্পিক বক্সিং অৰ্হতা প্ৰতিযোগিতা ২০২৪ৰ বাবে ভাৰতীয় দলটো এনেধৰণৰ:-
দীপক ভোৰিয়া (পুৰুষ ৫১ কেজি), মহম্মদ হুছামুদ্দিন (পুৰুষ ৫৭ কেজি), শিৱ থাপা (পুৰুষ ৬৩.৫ কেজি), নিশান্ত দেৱ (পুৰুষ ৭১ কেজি), লক্ষ্য চহৰ (পুৰুষ ৮০ কেজি), সঞ্জীত কুমাৰ (পুৰুষ ৯২ কেজি), নৰেন্দ্ৰ বেৰৱাল .(পুৰুষৰ ৯২ কেজি), জেচমিন লেম্বোৰিয়া (মহিলাৰ ৬০ কেজি), অংকুশিতা বড়ো (মহিলাৰ ৬৬ কেজি)।
