কলকাতা, ২৯ এপ্ৰিল । ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২৩-২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে মোহন বাগান ছুপাৰ জায়েণ্ট দলে। দেওবাৰে সন্ধিয়া ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম ছেমি ফাইনেলৰ দ্বিতীয় লেগত মোহন বাগানে ওড়িশা এফ চিক ২-০ (মুঠ ৩-২) গ’লত পৰাস্ত কৰে। ৰোমাঞ্চকৰ প্ৰথম লেগত ওড়িশা এফ চিয়ে ২-১ ব্যৱধানত জয় লাভ কৰিছিল।
খেলখনৰ২২ মিনিটত অষ্ট্ৰেলিয়াৰ ষ্ট্ৰাইকাৰ জেছন কামিংছে আৰু ৯০ মিনিটত বিকল্প আক্রমণাত্মক মিডফিল্ডাৰ ছাহাল আব্দুল ছামাদে গ’ল দি মোহন বাগান ছুপাৰ জায়েণ্টৰ জয়লাভ নিশ্চিত কৰে ৷ নিৰ্ণায়ক গ’লত এই সহায় আগবঢ়োৱাৰ বাবে উইংগাৰ মনবীৰ সিঙক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়।
মেচখনৰ প্ৰথমটো গ’ল ২২ মিনিটত অষ্ট্ৰেলিয়াৰ ষ্ট্ৰাইকাৰ জেছন কামিংছে গ’ল দি মোহন বাগান ছুপাৰ জায়েণ্টক আগতীয়াকৈ ১-০ (২-২) গ’লত অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াৰ ষ্ট্ৰাইকাৰ ডিমিট্ৰিয়াছ পেট্ৰাটছে বক্সৰ বাহিৰৰ পৰা শক্তিশালী শ্বটটো অডিছা এফ চিৰ গ’লৰক্ষক অমৰিন্দৰ সিঙে ব্লক কৰে যদিও ৰিবাউণ্ডত বলটো বেছি দূৰলৈ নগ’ল আৰু পাক ঘূৰণি খাই ছয় গজৰ বিপজ্জনক এলেকাত থাকে, য’ত কামিংছে নিজৰ শ্বটটো আয়ত্ত কৰি বাওঁ ভৰিৰে বলটো গ’ল পোষ্টৰ সোঁফালৰ চুকৰ ভিতৰলৈ পঠিয়াই দিলে। এই ছিজনত কামিংছৰ এয়া একাদশটো গ’ল।
ইয়াৰ পিছত মেচখনৰ ষ্টপেজ টাইমত (৯০ ৩) বিকল্প আক্ৰমণাত্মক মিডফিল্ডাৰ ছাহাল আব্দুল ছামাদে এটা গ’ল দি মোহন বাগানৰ অগ্ৰগতি ২-০ (৩-২)লৈ বৃদ্ধি কৰে। বাওঁফালৰ পৰা বক্সত প্ৰৱেশ কৰাৰ পাছত মনবীৰ সিঙে ক্ৰছ দিলে, যিটো ক্ৰছ ওড়িশা এফ চিৰ গ’লৰক্ষক অমৃন্দৰ সিঙে ব্লক কৰে যদিও ৰিবাউণ্ডত ছাহালৰ মূৰত বলটো খুন্দা মাৰি বাওঁ পোষ্টৰ সমীপত গ’ল লাইন পাৰ হয়।
উল্লেখ্য কওঁ যে আই এছ এলত দুয়োটা দলৰ মাজত এইখন ১১ সংখ্যক মেচ আছিল আৰু পঞ্চমখন মেচত মোহন বাগান ছুপাৰ জায়েণ্টে জয়লাভ কৰাৰ বিপৰীতে ওড়িশা এফ চিয়ে মাত্ৰ এখন মেচত জয়লাভ কৰিছে। দুয়োৰে মাজত ৫খন মেচ ড্ৰ’ হৈছে। দুয়ো দলৰে মাজত অনুষ্ঠিত প্ৰথম ছেমি ফাইনেলৰ প্ৰথম লেগত অডিছা এফ চিয়ে মোহন বাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ২-১ গ’লত ৰোমাঞ্চকৰ জয় লাভ কৰে, যিটো এই প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে জাগাৰনাটছৰ আই এছ এলৰ প্ৰথমটো জয়।
