নতুন দিল্লী ৷ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অভিজ্ঞ বেটছমেন বিৰাট কোহলীয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত শতক অৰ্জন কৰিছে। ৬৭টা বলত ১০০ ৰান সম্পূৰ্ণ কৰে। ২০২৪ চনৰ আই পি এলত বিৰাট কোহলীৰ এয়া অষ্টম শতক, আনহাতে ২০২৪ চনৰ আই পি এলত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলি। অৱশ্যে আটাইতকৈ লেহেমীয়া শতক (বলৰ ক্ষেত্ৰত) অৰ্জন কৰাৰ অভিলেখ কোহলীৰ নামত সংযোজন কৰা হৈছে।
জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মেচখনত বিৰাট কোহলীয়ে ৬৭টা বলত শতক অৰ্জন কৰে, যিটো বলৰ ক্ষেত্ৰত আই পি এলৰ দ্বিতীয় আটাইতকৈ লেহেমীয়া শতক। ২০০৯ চনত ডেকান চাৰ্জেছ (ছানৰাইজাৰ্ছ হায়দৰাবাদ)ৰ বিৰুদ্ধে ৬৭টা বলত শতক অৰ্জন কৰিছিল মনীষ পাণ্ডেই। ২০১১ চনত শচীন টেণ্ডুলকাৰে ৬৬টা বলত শতক অৰ্জন কৰিছিল। ২০১০ চনত কেকেআৰৰ বিৰুদ্ধে ডেভিদ ৱাৰ্নাৰে ৬৬টা বলত শতক অৰ্জন কৰিছিল। ২০২২ চনত মুম্বাইৰ বিৰুদ্ধে ৬৬টা বলত শতক অৰ্জন কৰিছিল জোছ বাটলাৰে।
আই পি এলৰ ইনিংছত সৰ্বাধিক বল খেলা তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আই পি এলত এটা ইনিংছত সৰ্বাধিক বল খেলা তৃতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আই পি এলৰ এটা ইনিংছত সৰ্বাধিক বল খেলাৰ অভিলেখ ব্ৰেডেন মেককালামৰ নামত, তেওঁ ২০০৮ চনত কলকাতাৰ বিৰুদ্ধে আৰ চি বিৰ বিৰুদ্ধে ৭৩টা বল খেলিছিল। ২০০৯ চনত শতক অৰ্জন কৰাৰ সময়ত মনীষ পাণ্ডেই ৭৩টা বলৰ মুখামুখি হৈছিল। বিৰাট কোহলীয়ে ৭২টা বলত অপৰাজিত ১১৩ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলে ৭০টা আৰু কুইণ্টন ডি ককে ৭০টা বল খেলিছে।
আই পি এলৰ আটাইতকৈ লেহেমীয়া শতক (বলৰ ক্ষেত্ৰত)
৬৭ – মনীষ পাণ্ডে (আৰ চি বি) বনাম ডেকান চাৰ্জাৰ্ছ, চেঞ্চুৰিয়ান, ২০০৯
৬৭ – বিৰাট কোহলী (আৰ চি বি) বনাম আৰ আৰ, জয়পুৰ, ২০২৪
৬৬ – শচীন টেণ্ডুলকাৰ (এম আই) বনাম কে টি কে, মুম্বাই ডব্লিউ এছ, ২০১১
৬৬ – ডেভিদ ৱাৰ্নাৰ (ডি চি) বনাম কে কে আৰ, দিল্লী, ২০১০
আই পি এলৰ এটা ইনিংছত সৰ্বাধিক বল খেলা খেলুৱৈ
৭৩ – ব্ৰেণ্ডন মেককালাম (কে কে আৰ) বনাম আৰ চি বি, কলকাতা, ২০০৮
৭৩ – মনীষ পাণ্ডে (আৰ চি বি) বনাম ডেকান চাৰ্জাৰ্ছ, চেঞ্চুৰিয়ান, ২০০৯
৭২ – বিৰাট কোহলী (আৰ চি বি) বনাম আৰ আৰ, জয়পুৰ, ২০২৪
৭০ – কে এল ৰাহুল (পি বি কে এছ) বনাম আৰ আৰ, জয়পুৰ, ২০১৮
৭০ – কুইণ্টন ডি কক (এল এছ জি) বনাম কে কে আৰ, মুম্বাই ডি ৱাই পি, ২০২২
For more updates follow our Whatsapp
and Telegram Channel ![]()
