ধৰ্মশালা: পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে বৃহৎ জয় পঞ্জীয়ন কৰিছে। ভাৰতীয় দলটোৱে তৃতীয় দিনাই এটা ইনিংছ আৰু ৬৪ ৰানেৰে জয়লাভ কৰে ধৰ্মশালা টেষ্টত। ইংলেণ্ড দলটোৱে দ্বিতীয় ইনিংছত ১৯৫ ৰানত সীমাবদ্ধ আছিল। এই টেষ্ট মেচত ভাৰতীয় দলটোৱে বেটিং আৰু বলিঙৰ ক্ষেত্ৰত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৪-১ ব্যৱধানত শৃংখলা জয় কৰে।
দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বেটিং সম্পূৰ্ণ ফ্লপ হৈছিল। একমাত্ৰ বেটছমেন জো ৰুটে ৮৪ ৰান সংগ্ৰহ কৰি ইংলেণ্ডক কিছু পৰিমাণে ১৯৫ ৰান সংগ্ৰহ কৰাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে আন বেটছমেনসকলে বিশেষ একো কৰিব নোৱাৰিলে আৰু দ্ৰুতগতিত পেভিলিয়নলৈ উভতি আহি থাকিল। ইংলেণ্ডৰ হৈ ১০০ সংখ্যক টেষ্ট খেলা জনী বেয়াৰষ্টোৱে ৩৯ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ উপৰিও টম হাৰ্টলিয়ে ২০ ৰান, অলি পোপে ১৯ ৰান আৰু শ্বোয়াইব বছিৰে ১৩ ৰান আগবঢ়ায়।
উল্লেখযোগ্য যে ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ডৰ প্ৰথম ইনিংছ মাত্ৰ ২১৮ ৰানত সীমাবদ্ধ আছিল। ইয়াৰ উত্তৰত অধিনায়ক ৰোহিত শৰ্মাৰ ১০৩ ৰান আৰু শুভমান গিলৰ ১১০ ৰানৰ সহায়ত ভাৰতে ৪৭৭ ৰান সংগ্ৰহ কৰে। যাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ২৫৯ ৰানৰ অগ্ৰগতি লাভ কৰে। কিন্তু দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ অহা ইংলেণ্ড দলটোৰ বেটিং অতি দুৰ্বল আছিল আৰু শেষত সমগ্ৰ দলটো ১৯৫ ৰাণত অল আউট হৈছিল।
আজি ভাৰতৰ দলৰ পৰা ৰবিচন্দ্ৰন অশ্বিনে দৰ্শনীয় বলিং কৰি ৫টা উইকেট দখল কৰাৰ বিপৰীতে কুলদীপ যাদৱ আৰু জস্প্ৰিত বুমৰাহে দুটাকৈ আৰু ৰবীন্দ্ৰ জাদেজাই এটা উইকেট দখল কৰে।
