গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত ৭৭ সংখ্যক সন্তোষ ট্ৰফী ২০২৩-২৪ৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ ইউপিয়া গ’ল্ডেন জুবিলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । কাইলৈ ২১ ফেব্ৰুৱাৰী, বুধবাৰৰ পৰা ৯ মাৰ্চলৈ হ’ব এই সন্মানজনক আন্তঃৰাজ্যিক ফুটবল প্ৰতিযোগিতা ।
ফাইনেল ৰাউণ্ডত থকা মুঠ ১২ টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে । ইয়াৰে ‘এ’ গ্ৰুপত আছে — অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, গোৱা, ছাৰ্ভিছেচ আৰু কেৰালা । আনহাতে ‘বি’ গ্ৰুপৰ দল কেইটা হ’ল —- কৰ্ণাটক, মহাৰাষ্ট্ৰ, দিল্লী, মণিপুৰ, মিজোৰাম আৰু ৰেলৱে ।
কাইলৈ বুধবাৰে অসমে দিনৰ ২-৩০ বজাত কেৰালাৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব । অসমে পৰৱৰ্তী লীগ মেচবোৰৰ প্ৰতিদ্বন্দ্বী হ’ল —- ২৩ ফেব্ৰুৱাৰীৰ দিনৰ ২-৩০ বজাত মেঘালয়, ২৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বজাত অৰুণাচল প্ৰদেশ, ২৭ ফেব্ৰুৱাৰী পুৱা ১০ বজাত ছাৰ্ভিছেচ আৰু ১ মাৰ্চৰ দিনৰ ২-৩০ বজাত গোৱা । আয়োজক অৰুণাচল প্ৰদেশ, যোৱাবাৰৰ চেম্পিয়ন কৰ্ণাটক আৰু ফাইনেলিষ্ট মেঘালয়ে পোনে পোনে ফাইনেল ৰাউণ্ডত উপনীত হয় যদিও বাকী ৯ টা স্থানৰ বাবে দলবোৰে প্ৰাথমিক লীগ খেলিব লগা হয় ।
প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল ৪ আৰু ৫ মাৰ্চত, ছেমিফাইনেল ৭ মাৰ্চত আৰু ফাইনেল ৯ মাৰ্চত অনুষ্ঠিত হ’ব । অসম দলটো হ’ল — বীৰখাং দৈমাৰী, অবিনাশ মেচ, বিশাল ছাহু, চুডেম ৱাৰী, টুপু ব্ৰহ্ম, মনবীৰ বসুমতাৰী, উৰ্জয় ব্ৰহ্ম, সুদীপ্ত কোঁৱৰ, নবীন ৰাভা, চিৰঞ্জিত গগৈ, ডেনিছ বড়ো, ৰাহুল দাস, দনশ্বৰং বসুমতাৰী,
ছাংছন শইকীয়া, অৰ্জুন মাৰ্ডি, মিলন বসুমতাৰী, অমন ছেত্ৰী, জয়দীপ গগৈ, আক্ৰং নাৰ্জাৰী, দিপু মিৰ্ধা, প্ৰজ্ঞান সুন্দৰ গগৈ আৰু আলফ্ৰেড লাৰৌটছাং । দলৰ একমাত্ৰ ষ্টেণ্ডবাই প্লেয়াৰ জন হ’ল জিতুল বৰুৱা ।
