নতুন দিল্লী, ১১ আগষ্ট (হি.স.)। ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দুটা সুন্দৰ গ’লেও আল নাছৰক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ৷ দেওবাৰে লা লিগা ২ দল ইউ ডি আলমেৰিয়াৰ বিৰুদ্ধে প্ৰি-ছিজন প্ৰীতি মেচত ২-৩ গ’লত পৰাস্ত হয় ছৌদি প্ৰ’ লীগ ক্লাব আল নাছৰ।
খেলখনৰ আৰম্ভণিতে ৬ মিনিটত লিঅ’ বাপ্টিষ্টোৰ পাছত চাৰ্জিঅ’ আৰিবাছে এটা গ’ল দি আলমেৰিয়াক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে ১১ মিনিটত ৰোনাল্ডোৱে পেনাল্টি বক্সৰ ভিতৰৰ পৰা আয়মান ইয়াহিয়া আৰু ছাডিঅ’ মানেৰ উৎকৃষ্ট ৱান টাচ পাছ মুভত গ’ল দি স্ক’ৰ সমতা স্থাপন কৰে।
প্ৰথমাৰ্ধতেই ৰোনাল্ডোৱে দ্বিতীয়টো গ’ল দিয়ে। গ’লৰক্ষক আলভাৰো ফাৰ্নাণ্ডেজে বক্সৰ ভিতৰত ফাউল কৰাত লাভ কৰা পেনাল্টিটো তেওঁ সহজেই গ’ললৈ ৰূপান্তৰিত কৰে। এইদৰে ৰোনাল্ডোৱে দুখন মেচত মুঠ ৫টা গ’ল দিয়ে।
কিন্তু আল নাছৰৰ গ’লৰক্ষক নৱাফ আল আকিদিৰ এটা ডাঙৰ ভুলে দলটোক বিপদত পেলাইছিল। বক্সৰ পৰা ওলাই আহি পাছটো কাটিবলৈ চেষ্টা কৰি থাকোঁতে তেওঁ পোনে পোনে এড্ৰিয়ান এম্বাৰবাক বলটো দি দিয়ে, ফলত তেওঁ খালী গ’লত বলটো দি স্ক’ৰ সমতা স্থাপন কৰে।
দ্বিতীয়াৰ্ধত ৰোনাল্ডোক সলনি কৰাৰ পিছত আল নাছৰৰ আক্ৰমণ দুৰ্বল হৈ পৰে। আলমেৰিয়াৰ এম্বাৰবাই আৰিবাছৰ পাছত এক সুন্দৰ শ্বট দি দলটোক নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে।
খেলখনৰ শেষ মিনিটত জোৱাও ফেলিক্সে সমতা স্থাপনৰ সুযোগ লাভ কৰে যদিও সোঁফালৰ পৰা অহা লো ক্ৰছত চূড়ান্ত স্পৰ্শ দিব নোৱাৰি আল নাছৰে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
