
শোণিতপুৰ জিলা দলৰ ২১ টা পদক অৰ্জন
শোণিতপুৰ, ২৮ ডিচেম্বৰ (হি.স.)। উত্তৰাখণ্ডৰ হালদ্বানি চহৰস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত গুঞ্জৰিত হল জয় জুবিন দা- জয় আই অসমৰ ধ্বনি : অসম দলে লাভ কৰিলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান।
উল্লেখ্য যে যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হালদ্বানি চহৰৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জু-জিৎসু চেম্পিয়নশ্বিপত ২৮টা সোণ, ২৭টা ৰূপ আৰু ২৭ টা ব্ৰঞ্জৰে সৰ্বমুঠ ৮২ টা পদকেৰে অসম দলে তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই চেম্পিয়নশ্বিপ খনত ৮ বছৰৰ পৰা ১৮ বছৰৰ অনুৰ্ধ্ব খেলুৱৈ সকলৰ মাজত নি-ৱাজা, ফাইটিং চিষ্টেম, কন্টেক্ট ফাইটিং, ডু’অ শ্ব আদি শৈলীৰ খেল সমূহ অনুষ্ঠিত হৈছিল।
এই প্ৰতিযোগিতাখনত অসম দলক প্ৰতিনিধিত্ব কৰি শোণিতপুৰ জিলাৰ পৰা ২১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰি ৬টা সোণ, ৬টা ৰূপ আৰু ৮টা ব্ৰঞ্জৰে সৰ্বমুঠ ২০ টা পদকেৰে জিলাখনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। তেজপুৰ চহৰৰ হজৰাপাৰ স্থিত জুজিৎসু এৰেনা শীৰ্ষক প্ৰশিক্ষণ কেন্দ্ৰটিত বিগত কেইবা মাহ ধৰি দৈনিক ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈ সকলৰ ভিতৰত তনভিৰ কাশ্যপ শৰ্মা(২টা সোণ),তেজস্বিনী শইকীয়া (১টা সোণ, ১টা ৰূপ), নিভ্যান দাস (১টা সোণ), হিমাংশু শইকীয়া (১টা সোণ, ১টা ব্ৰঞ্জ), জুনেইদ হুছেইন (১টা ৰূপ,১টা ব্ৰঞ্জ), কৃষ্ণ ৰাই (১টা ৰূপ), ভাৰ্গভ ভৰদ্বাজ (১টা ৰূপ), ৮ অক্সিতা আৰণা বৰা (১টা ব্ৰঞ্জ), নেইনিকা দাস (১টা ব্ৰঞ্জ), প্ৰীয়াংক্ষী ডেকা(১টা ব্ৰঞ্জ), অস্বিন সিং(১টা ব্ৰঞ্জ), এল. নিৰূপমা দেৱী (১টা ব্ৰঞ্জ) আৰু ত্ৰিজেতা তি. গৌতম(১টা ব্ৰঞ্জ) আনহাতে দলীয় প্ৰতিযোগিতা ডু’অ শ্ব ত জুনেইদ হুছেইন আৰু হিমাংশু শইকীয়া (সোণ), চয়ণিকা মালাকাৰ আৰু ত্ৰিজেতা তি. গৌতম(সোণ), ৩ অস্বিন সিং আৰু এল. নিৰূপমা দেৱী(ৰূপ) আৰু /অস্বিন সিং আৰু অঙ্কুশ নাথ(ৰূপ) ৰ পদকেৰে জিলাখনৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হয়।
শোণিতপুৰ জিলাৰ লগতে যোৰহাট, লখিমপুৰ, কামৰূপ মেট্ৰ, ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, গোলাঘাট, নগাঁও আৰু শিৱসাগৰৰ খেলুৱৈ সকলে অসম দলৰ হৈ অংশ গ্ৰহণ কৰিছিল। অসমৰ দলটোত অভিভাৱক হিচাপে অসম জু-জিৎসু সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় জু-জিৎসু সন্থাৰ এডুকেচন চেয়াৰমেন সঞ্জয় চাওঁ, টীম মেনেজাৰ মমি ৰংপিপি চাওঁ লগতে অসমৰ কেইবাজনো ৰাষ্ট্ৰীয় ৰেফাৰী অংশগ্ৰহণ কৰে। অসম দলৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শিৱসাগৰৰ যাদৱ জ্যোতি ৰাজগুৰু আৰু যোৰহাটৰ টন্নভ গগৈ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
