লক্ষ্ণৌ, ২৬ নৱেম্বৰ (হি.স.)। চৈয়দ মোডী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ এইচ এছ বি চি ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৩০০ৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই চেম্পিয়নশ্বিপৰ মেচসমূহ অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গোমতি নগৰত অৱস্থিত বাবু বানাৰসী দাস বেডমিণ্টন একাডেমীত অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশ বেডমিণ্টন এছ’চিয়েশ্যনে ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যন (বিএআই)ৰ তত্বাৱধানত আয়োজন কৰা এই চেম্পিয়নশ্বিপত খেলুৱৈসকলৰ মাজত মুঠ ২,১০,০০০ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ ধন বিতৰণ কৰা হ’ব।
উত্তৰ প্ৰদেশ বেডমিণ্টন সন্থাৰ অধ্যক্ষ বিৰাজসাগৰ দাস আৰু সভাপতি ড. নৱনীত ছেহগালৰ মতে, এইচ এছ বি চি ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৩০০ হিচাপে অনুষ্ঠিত হ’বলগীয়া এই চেম্পিয়নশ্বিপত ২৮ নৱেম্বৰত কোৱালিফাইং মেচ অনুষ্ঠিত হ’ব। সেইদিনা বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব মূল ড্ৰ’ মেচ। এই প্ৰতিযোগিতাত দৰ্শকক বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।
সকলো ইভেণ্টতে ৮খনকৈ কোৱালিফাইং মেচ অনুষ্ঠিত হ’ব। তেওঁ কয় যে এই চেম্পিয়নশ্বিপত ১৮খন দেশৰ ২৫০ গৰাকী খেলুৱৈয়ে নিজৰ প্ৰত্যাহ্বান দাঙি ধৰিব। ইয়াৰ ভিতৰত ভাৰত, চীন, জাপান, মালয়েছিয়া, ডেনমাৰ্ক, টাইৱান, থাইলেণ্ড, জাৰ্মানী, ইংলেণ্ড, ইণ্ডোনেছিয়া, ছিংগাপুৰ, ইজৰাইল, কাজাখস্তান, অষ্ট্ৰেলিয়া, ফ্ৰান্স, শ্ৰীলংকা, পোলেণ্ড, ইৰাণ আদি দেশৰ খেলুৱৈও অন্তৰ্ভুক্ত। এই খেলুৱৈসকলৰ ভিতৰত বহু শীৰ্ষ ৰেংকিং খেলুৱৈয়েও প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এই চেম্পিয়নশ্বিপৰ ছেমি ফাইনেল আৰু ফাইনেল মেচসমূহ দূৰদৰ্শনত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব।
চেম্পিয়নশ্বিপৰ মূল ড্ৰ’ মেচত ভাৰতৰ এইচ এছ প্ৰণয় – বিশ্ব অষ্টম স্থান আৰু লক্ষ্য সেন – বিশ্ব ১৭ নং ৰেংকিং পুৰুষৰ একক শাখাত প্ৰত্যাহ্বান জনাব। খেলুৱৈসকলৰ বাবে কে ডি সিং বাবু ষ্টেডিয়াম আৰু গোমটিনগৰ বিজয়ন্ত খাণ্ড ষ্টেডিয়ামত অৱস্থিত বেডমিণ্টন ক’ৰ্টত অনুশীলনৰ সুবিধা প্ৰদান কৰা হৈছে। উত্তৰ প্ৰদেশ বেডমিণ্টন সন্থাৰ সম্পাদক সুধৰ্মা সিঙে কয় যে অহা ২৮ নৱেম্বৰৰ পুৱা ১০ বজাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেম্পিয়নশ্বিপ উদ্বোধন কৰিব। এই উপলক্ষে বিশেষ অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী বৃজেশ পাঠক আৰু উত্তৰ প্ৰদেশৰ ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী – স্বতন্ত্ৰ ভাৰপ্ৰাপ্ত গিৰীশ চন্দ্ৰ যাদৱ।
এই চেম্পিয়নশ্বিপৰ মূল ৰেফাৰী হ’ব বি ডব্লিউ এফৰ স্লোভেনিয়াৰ জোচেফ কুপ্ৰিভেক আৰু সহকাৰী ৰেফাৰী হ’ব ইষ্ট’নিয়াৰ আষ্টোভিজা লুজম’ই। তেওঁ কয় যে এই চেম্পিয়নশ্বিপৰ কোৱালিফাইং মেচত উত্তৰ প্ৰদেশৰ সমৃদ্ধি সিং, সোণালী সিং, আয়ুষ আগৰৱালা, শ্ৰুতি মিশ্ৰই প্ৰত্যাহ্বান দাঙি ধৰিব।
শীৰ্ষ ৰেংকিং পুৰুষৰ একক খেলুৱৈ-
এইচ.এছ. প্ৰণয় (ভাৰত) বি ডব্লিউ এফ ৰেংকিং ৮
নিছিমোটো কেন্টা (জাপান) বি ডব্লিউ এফ ৰেংকিং ১২
টিয়েন চেন চাও (চীনা টাইপেই) বিডব্লিউএফ ৰেংকিং ১৩
লক্ষ্য সেন (ভাৰত) বি ডব্লিউ এফ ৰেংকিং ১৭
শীৰ্ষ ৰেংকিং মহিলা একক খেলুৱৈ-
চোচুৱং পোৰ্ণপাভী (থাইলেণ্ড) বিডব্লিএফ ৰেংকিং ১৩
কেটেথোংগ ছুপানিদা (থাইলেণ্ড) বিডব্লিএফ ৰেংকিং ১৫
ওহৰি অয়া (জাপান) বিডব্লিএফ ৰেংকিং ১৬
অংবামৰুংফান বুছানান (থাইলেণ্ড) বিডব্লিউএফ ৰেংকিং ১৭
শীৰ্ষ ৰেংকিং পুৰুষৰ ডাবলছ খেলুৱৈ-
কোগা আকিৰা আৰু চাইটো টাইচি (জাপান) বিডব্লিউএফ ৰেংকিং ১৬
শীৰ্ষ ৰেংকিং মহিলা ডাবলছ খেলুৱৈ-
লেন বেন আৰু ৱেণ্ডী শ্বাউন (ইংলেণ্ড) বি ডব্লিউ এফ ৰেংকিং ২১
হিন্দুস্থান সমাচাৰ/উপেন্দ্ৰ/মনোজ/অৰবিন্দ
