নতুন দিল্লী, ১৯ ডিছেম্বৰ (হি.শ।)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ত বলাৰক প্ৰতি অভাৰত দুটা বাউন্সাৰ বল কৰিব পাৰিব। ই এছ পি এনক্ৰিচিনফ’ৰ মতে, এই সালসলনিৰ লক্ষ্য হৈছে বেট আৰু বলৰ মাজত অধিক সুষম প্ৰতিযোগিতা সৃষ্টি কৰা, যাৰ ফলত বলাৰসকলে অধিক প্ৰভাৱ পেলাব পৰা পৰিৱেশৰ সৃষ্টি হ’ব। খেলৰ এই পৰিৱৰ্তন ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা ২০২৩–২৪ চৈয়দ মুস্তাক আলী ট্ৰফীৰ সময়ত পৰীক্ষা কৰা হৈছিল।
প্ৰথমবাৰৰ বাবে ২০২৩ চনৰ আই পি এলত প্ৰৱৰ্তন কৰা ইমপেক্ট প্লেয়াৰ নিয়ম চলি থাকিব। এই নিয়ম অনুসৰি টছৰ সময়ত এটা দলে খেলা এঘাৰজনৰ উপৰিও চাৰিজন বিকল্প খেলুৱৈৰ তালিকা দিব লাগিব। এই চাৰিটাৰ যিকোনো এজনক তেওঁলোকে নিজৰ ইমপেক্ট প্লেয়াৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে।
যদি কোনো দলে নিজৰ আৰম্ভণিৰ এঘাৰত চাৰিজন বিদেশী খেলুৱৈক অন্তৰ্ভুক্ত কৰে তেন্তে ইমপেক্ট প্লেয়াৰ হিচাপে মাত্ৰ এজন ভাৰতীয়কহে আনিব পাৰে। লক্ষ্য হৈছে প্ৰতিখন খেলত বিদেশী খেলুৱৈৰ সংখ্যা প্ৰতিখন দলত চাৰিজনলৈ সীমিত কৰা, যিটো আই পি এল আৰম্ভ হোৱাৰ পৰাই অনুসৰণ কৰি আহিছে। কিন্তু যদি কোনো দলে নিজৰ একাদশত তিনিজন বা তাতকৈ কম বিদেশী খেলুৱৈৰে আৰম্ভণি কৰে তেন্তে ইমপেক্ট প্লেয়াৰ হিচাপে এজন বিদেশী খেলুৱৈ আনিব পাৰে। কিন্তু অহা বিদেশী খেলুৱৈজন টছৰ সময়ত নাম উল্লেখ কৰা চাৰিজন বিকল্প খেলুৱৈৰ ভিতৰত এজন হ’ব লাগিব।
ইমপেক্ট প্লেয়াৰ ৰুলে অল ৰাউণ্ডাৰৰ মূল্য কিছু পৰিমাণে হ্ৰাস কৰিছে, ভেংকটেশ আয়াৰ, বিজয় শংকৰ আৰু শিৱম ডুবেৰ দৰে খেলুৱৈয়ে যোৱা ছিজনত নিজৰ দলৰ বেটছমেন হিচাপে বহুলাংশে খেলিছিল।
বৰ্তমান ট্ৰেডিং উইণ্ড’ বন্ধ যদিও মিনি নিলামৰ এদিন পিছত ২০ ডিছেম্বৰত পুনৰ মুকলি হ’ব আৰু ২০২৪ চনৰ ছিজন আৰম্ভ হোৱাৰ এমাহ আগলৈকে খোলা থাকিব।
অহা বছৰৰ ২২ মাৰ্চৰ পৰা মে’ৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আইপিএল ২০২৪। ভাৰতৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচন আয়োগে ভোটদানৰ তাৰিখ চূড়ান্ত কৰাৰ পিছত চূড়ান্ত সূচী ঘোষণা কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
