নগাঁও, ২১ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত আমচৈই গাওঁ পঞ্চায়তৰ চিৰমলা মাজগাৰু গাঁৱৰ পথাৰত এক তুমুল প্ৰতিযোগিতামূলক আকৰ্ষণীয় ফাইনেল ফুটবল খেল সোমবাৰে বিয়লি অনুস্থিত হয়। যি সময়ত বিশ্বকাপৰ বেজাৰত বিশ্ব ক্লান্ত সেইসময়েতই দেখা গৈছে যে ফুটবল খেল চাবলৈ হিল দল ভাঙি আহিছে চিৰমলা মাজগাৰু গাঁৱত । সকলোৱে খেলখন উপভোগ কৰি স্বস্থিৰ প্ৰকাশ কৰে।
উক্ত খেলত মুখ্য অতিথি হিচাপে চহৰী তিৱা স্বায়ত্ব পৰিষদৰ সদস্য শ্ৰীযুত মোহন সেনাপতি, কমাৰগাওঁ পঞ্চায়তৰ সচিব শ্ৰীযুত টংকেশ্বৰ কলিতা,মেঘালয় খনিজ সম্পদ উন্নয়নৰ সাবস্থাৰ উপাধ্যক্ষ শ্ৰীযুত বিমল চেধী,খণ্ড বন বিষয়া আমচৈ শ্ৰীযুত ৰাজকেশ ভূঞা,আমটৈ গাওঁ পঞ্চায়তৰ সভাপতি শ্ৰীযুত বিধানদে ,হাৰ্টবৰ গাওঁ পঞ্চায়তৰ সভাপতি শ্ৰীযুত যতীন বৰদলৈ উপস্থিত থাকে। ফাইনেল ফুটবল খেলখন দুটা শক্তিশালী দলক্ৰমে দাহালি মাকৰিয়া আৰু দ্ৰোগৰো বালিকুছি । সময়ৰ ভিতৰতে কোনো দলেই গ’ল দিব নোৱাৰাত ট্ৰাইবেকাৰ পদ্ধতিত ৫ / ৩ গ’লৰ ব্যৱধানত দাহালি মাকৰিয়াই বিজয় সাব্যস্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
