নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ আঘাতৰ এক আপডেট শ্বেয়াৰ কৰে। তেওঁ উল্লেখ কৰে যে তেওঁ বৰ্তমান আৰোগ্যৰ প্ৰক্ৰিয়াত আছে আৰু প্ৰতিদিনে সুস্থ অনুভৱ কৰি আছে।
শ্ৰেয়াছে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, বৰ্তমান মই আৰোগ্যৰ প্ৰক্ৰিয়াত আছো আৰু প্ৰতিটো দিনৰ লগে লগে ভাল হৈ আহিছো। মই পোৱা সকলো শুভেচ্ছা আৰু সমৰ্থনৰ বাবে গভীৰভাৱে কৃতজ্ঞ। মোৰ বাবে ইয়াৰ অৰ্থ বহুত। মোক আপোনালোকৰ প্ৰাৰ্থনাত ৰখাৰ বাবে ধন্যবাদ।
ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত শ্ৰেয়াছে কেচ ল’বলৈ ডাইভিং কৰি থকাৰ সময়তে মাংসপেশীত আঘাত পাইছিল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে তেওঁক আই চি ইউত ভৰ্তি কৰা হয়। পিছত পৰীক্ষাত প্লীহাত আঘাত পোৱা বুলি নিশ্চিত হয়। কিন্তু সোমবাৰে তেওঁৰ অৱস্থা সুস্থিৰ হোৱাৰ পিছত তেওঁক আই চি ইউৰ পৰা বাহিৰলৈ বদলি কৰা হয়।
ইয়াৰ পূৰ্বে টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে মঙলবাৰে শ্ৰেয়াছৰ অৱস্থাৰ তথ্য প্ৰদান কৰিছিল। তেওঁ কয়, যেতিয়া মই তেওঁৰ আঘাতৰ কথা গম পালোঁ, তেতিয়া আমাৰ ফিজিঅ’ কমলেশ জৈনৰ সৈতে কথা পাতিলোঁ। এতিয়া শ্ৰেয়াছে ফোনটো ৰিচপন্স দিছে, অৰ্থাৎ তেওঁ সুস্থিৰ।
সূৰ্য্যকুমাৰে আৰু কয়, এয়া অতি দুৰ্ভাগ্যজনক, কিয়নো এনে ক্ষেত্ৰ বিৰল, কিন্তু বিৰল প্ৰতিভাৰ লগত বিৰল কথা ঘটে। ভগৱানৰ কৃপাত এতিয়া সকলো ঠিকেই আছে। আমি তেওঁক শৃংখলা শেষ হোৱাৰ পিছত ঘৰলৈ লৈ যাম।
हिन्दुस्थान समाचार / অৰৱিন্দ
