
–জুনিয়ৰ শাখাত মিষ্টাৰ শোণিতপুৰ খিতাপ নয়নজ্যোতি শৰ্মালৈ
–ছিনিয়ৰ শাখাত ভৃগু শইকীয়ালৈ মিষ্টাৰ শোণিতপুৰ খিতাপ
শোণিতপুৰ, ০৫ ডিছেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ বালিপৰাৰ ওৱাৰিৱৰ ফিটনেচ জিম ৰ সৌজন্যত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ ৪০ সংখ্যক লৌহ ক্ৰীড়াৰ বডি বিল্ডিং আৰু পাঞ্জা প্ৰতিযোগিতাখনি কালি প্ৰায় ডেৰ শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে সফল সামৰণি পৰে। পুৱা উদ্যোক্তা সকলৰ হৈ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি দেৱেশ্বৰ নাথে, জিলা পাঞ্জা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি মৃন্ময় কলিতাই আৰু জিলা শৰীৰ চৰ্চা সন্থাৰ পতাকা উত্তোলন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্ৰীড়াবিদ পংকজ বৰাই ।
প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হৈ চেম্পিয়ন অব দ্য চেম্পিয়ন খিতাপ অৰ্জন কৰে ক্ৰমে মাচুল পেৰেডাইজ জিমৰ চাহিল হুছেইন আৰু তেজপুৰ পৰ্বতীয়া পাৱাৰফিট জিমৰ কৰিণা বৰাই। আনহাতে বডি বিল্ডিং বিভাগৰ মেন ফিজিকত সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হয় হেল্থ চেম্পিয়নৰ গৌতম বৰাই আৰু অমেন মডেল ফিজিকত সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰবীনা বসুমতাৰীয়ে। প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত মিষ্টাৰ শোণিতপুৰ উপাধি লাভ কৰে ফিটনেচ এন্থিজিয়াষ্ট জিমৰ নয়নজ্যোতি শৰ্মাৰ লগতে মাষ্টাৰ্ছ শাখাত মিষ্টাৰ শোণিতপুৰ উপাধি লাভ কৰে হেল্থ চেম্পিয়ন জিমৰ জিতেন কলিতা আৰু ছিনিয়ৰ শাখাত মিষ্টাৰ শোণিতপুৰ উপাধি লাভ কৰে প্ৰ:ফিজিক জিমৰ ভৃগু শইকীয়াই।
উল্লেখ্য যে এই প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা খেলুৱৈ সকলে অহা ১৬ ডিছেম্বৰৰ পৰা যোৰহাটত অনুষ্ঠিত হ’ব লগা ৫১ সংখ্যক মিষ্টাৰ অসম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ অন্তত আয়োজক সমিতিয়ে প্ৰতিযোগিতা পৰিচালনা কৰা সকলো কাৰীকৰি ব্যক্তিকে বিশেষ ভাৱে সন্মানিত কৰে। আনহাতে জিলা সন্হাৰ তৰফৰ পৰা আয়োজক সমিতিৰ সম্পাদক তথা উচ্চ পৰ্যায়ৰ সমৰ কলাৰ সাধক দিলীপ গুৰুঙক এখন সম্বৰ্ধনা পত্ৰেৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
