লণ্ডন, ২৪ অক্টোবৰ (হি.স.)। ইংৰাজী কাউন্টি ক্ৰিকেট ক্লাব লেংকাশ্বায়ৰে নতুন মুখ্য প্ৰশিক্ষক হিচাপে ষ্টিভেন ক্ৰফ্টক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। বিগত কেইমাহমানৰ পৰা অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ক্ৰফ্টে এতিয়া সফল কাৰ্যকালৰ পিছত স্থায়ীভাৱে নিযুক্তি লাভ কৰিছে।
ডেল বেংকেনষ্টেইনে পদত্যাগ কৰাৰ পিছত মে’ মাহত ক্ৰফ্টে প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰে। ছিজনৰ প্ৰথমাৰ্ধত লেংকাশ্বাৰে কাউন্টি চেম্পিয়নশ্বিপৰ এখনো মেচত জয়ী হ’ব নোৱাৰিলেও দলটোৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটাই ডিভিজন ২ত পঞ্চম স্থান দখল কৰি টি-২০ ব্লাষ্ট ফাইনেল ডে’ত প্ৰৱেশ কৰে।
ক্লাবৰ উদ্ধৃতিৰে ষ্টিভেন ক্ৰফ্টে কয় যে, এই মহান ক্লাবৰ মুখ্য প্ৰশিক্ষক নিযুক্তি পোৱাটো এক বৃহৎ সন্মান। লেংকাশ্বেয়াৰ মোৰ জীৱনৰ এক বৃহৎ অংশ হৈ আহিছে – খেলুৱৈ হিচাপে একাডেমীত যোগদান কৰাৰ পৰা আৰম্ভ কৰি দলৰ অধিনায়কত্ব কৰালৈকে আৰু এতিয়া খেলপথাৰৰ বাহিৰত এই নতুন ভূমিকা গ্ৰহণ কৰালৈকে।
তেওঁ লগতে কয়, যোৱা ছিজনৰ দ্বিতীয়াৰ্ধত দলটোৱে যিদৰে সঁহাৰি জনাইছিল তাৰ বাবে মই গৌৰৱান্বিত। আমাৰ এটা প্ৰতিভাৱান আৰু আবেগিক দল আছে যিয়ে গৌৰৱেৰে ‘ৰেড ৰোজ’ক প্ৰতিনিধিত্ব কৰে। মোৰ এতিয়া লক্ষ্য হৈছে সেই অগ্ৰগতি আগবঢ়ায় নিয়া, খেলুৱৈসকলৰ প্ৰদৰ্শন বৃদ্ধি কৰা আৰু ক্লাবটোক সফলতালৈ ঘূৰাই অনা।”
৪১ বছৰীয়া ক্ৰফ্টে ২০১১ চনত লেংকাশ্বেয়াৰৰ কাউন্টি চেম্পিয়নশ্বিপ বিজয়ী দলৰ অংশ আছিল। ২০২৩ চনত ক্লাবৰ হৈ ৬০০ৰো অধিক মেচ খেলি অৱসৰ গ্ৰহণ কৰে।
লেংকাশ্বেয়াৰৰ ক্ৰিকেট প্ৰদৰ্শনৰ সঞ্চালক মাৰ্ক চিল্টনে কয় যে, আমি আনন্দিত যে ষ্টিভেনে এই ভূমিকা স্থায়ীভাৱে গ্ৰহণ কৰিছে। তেওঁ উৎকৃষ্ট নেতৃত্বৰ দক্ষতা প্ৰদৰ্শন কৰিছে, কঠিন পৰিস্থিতিত দায়িত্ব চম্ভালিছে। তেওঁৰ আবেগ, ক্ৰিকেটৰ জ্ঞান আৰু খেলুৱৈৰ সৈতে সংযোগ স্থাপনৰ ক্ষমতাই তেওঁক এই পদৰ বাবে নিখুঁতভাৱে উপযুক্ত কৰি তুলিছে।
চিল্টনে এইটোও প্ৰকাশ কৰে যে ক্ৰফ্টে এতিয়া প্ৰথম দলৰ বাবে দৈনন্দিন প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব। তেওঁক সহকাৰী প্ৰশিক্ষক উইল পৰ্টাৰফিল্ডে সহায় কৰিব, অতি সোনকালে প্ৰশিক্ষক বিভাগত অধিক নিযুক্তি দিয়া হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
