ছিডনী, ২৫ আগষ্ট (হি.স.)। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক বেলিণ্ডা ক্লাৰ্কক স্প’ৰ্ট অষ্ট্ৰেলিয়া হল অৱ ফেমে ‘লিজেণ্ড’ৰ মৰ্যাদা প্ৰদান কৰিছে। ক্লাৰ্ক এই সন্মান লাভ কৰা মাত্ৰ ষষ্ঠজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে ডন ব্ৰেডমেন, কিথ মিলাৰ, ৰিচি বেন’ড, ডেনিছ লিলি আৰু শ্বেন ৱাৰ্নে এই সন্মান লাভ কৰিছে। হল অৱ ফেমে ইয়াক তেওঁৰ খেলৰ উৎকৃষ্টতা, দীৰ্ঘদিনীয়া কেৰিয়াৰ, আবেগ আৰু অৱদানৰ স্বীকৃতি বুলি অভিহিত কৰে।
ক্লাৰ্কক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়। ১৯৯১ চনৰ পৰা ২০০৫ চনলৈকে কেৰিয়াৰত এদিনীয়া মেচত গড়ে ৪৭.৪৯ আৰু টেষ্টত ৪৫.৯৫ ৰান সংগ্ৰহ কৰিছিল। মাত্ৰ ২৩ বছৰ বয়সতে অধিনায়ক হোৱা ক্লাৰ্কে ১১ বছৰ ধৰি এই দায়িত্ব পালন কৰিছিল। তেওঁৰ অধিনায়কত্বৰ অধীনত অষ্ট্ৰেলিয়াই ১০১খন এদিনীয়াৰ ভিতৰত ৮৩খন খেলত জয়লাভ কৰাৰ লগতে দুটা বিশ্বকাপৰ খিতাপ দখল কৰে।
১৯৯৭ চনৰ বিশ্বকাপত ডেনমাৰ্কৰ বিৰুদ্ধে ২২৯ ৰানৰ অপৰাজিত ইনিংছ খেলি ক্লাৰ্কে এদিনীয়া খেলত দুটা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ (পুৰুষ বা মহিলা) হিচাপে পৰিগণিত হয়।
খেলৰ কেৰিয়াৰৰ পিছতো ক্লাৰ্কে মহিলা ক্ৰিকেটৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰশাসক আৰু আই চি চি মহিলা সমিতিৰ সদস্য হিচাপে ক্ৰিকেট অষ্ট্ৰেলিয়ালৈ বৰঙণি আগবঢ়াইছিল।
ক্লাৰ্কে কয়, এয়া এক অবিশ্বাস্য সন্মান। মই গৌৰৱ, কৃতজ্ঞতা আৰু আচৰিতৰ মিশ্ৰণ অনুভৱ কৰিছো। ক্ৰিকেট এটা দলীয় খেল আৰু এই কৃতিত্ব মোৰ সতীৰ্থ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমৰ ফলও। মই সুখী যে মহিলা ক্ৰিকেট সঠিক দিশত আগবাঢ়িছে আৰু ইয়াৰ ভৱিষ্যতৰ প্ৰতি মই আত্মবিশ্বাসী।
স্প’ৰ্ট অষ্ট্ৰেলিয়া হল অৱ ফেমৰ নিৰ্বাচন সমিতিৰ অধ্যক্ষ ব্ৰুচ মেকএভানীয়ে কয় যে, ক্লাৰ্ক এজন ট্ৰেইলব্লেজাৰ। তেওঁ আক্ৰমণাত্মক বেটিঙেৰে খেলখন খেলাৰ ধৰণ সলনি কৰিছিল। খেলুৱৈ, অধিনায়ক আৰু শীৰ্ষ প্ৰশাসক হিচাপে তেওঁৰ নেতৃত্ব আৰু প্ৰভাৱৰ কোনো তুলনা নাই।
২০২৩ চনত ছিডনী ক্ৰিকেট খেলপথাৰত ক্লাৰ্কৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় আৰু ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু ক্ৰিকেট নিউ চাউথ ৱেলছেও তেওঁৰ নামত পদক লাভ কৰিবলৈ আৰম্ভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
