লণ্ডন, ২২ জুলাই (হি.স.)। ইংলেণ্ড প্ৰিমিয়াৰ লীগ ক্লাব মানচেষ্টাৰ ইউনাইটেডে ব্ৰেণ্টফোৰ্ডৰ ফৰৱাৰ্ড ব্ৰাইয়ান ম্বেউমোক ৬৫ মিলিয়ন পাউণ্ড (প্ৰায় ৮৮ মিলিয়ন ডলাৰ)ত পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ কৰিছে। এই চুক্তিত ৬ মিলিয়ন পাউণ্ডৰ অতিৰিক্ত অনুদানো অন্তৰ্ভুক্ত কৰা হৈছে।
কেমেৰুণৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ম্বেউমো ইউনাইটেডৰ এই গ্ৰীষ্মকালত তৃতীয়টো চুক্তি। ইয়াৰ পূৰ্বে ক্লাবটোৱে ষ্ট্ৰাইকাৰ মেথিউছ কুইনহা আৰু ডিফেণ্ডাৰ ডিয়েগো লিঅ’নক চুক্তিবদ্ধ কৰিছিল। ইফালে, ইউনাইটেডৰ তাৰকা উইংগাৰ মাৰ্কাছ ৰেছফোৰ্ডে এফ চি বাৰ্চিলোনালৈ এটা ছিজনৰ বাবে ঋণত যাব পাৰে বুলি খবৰ ওলাইছে।
এই ট্ৰেন্সফাৰৰ ফলত গোটেই গ্ৰীষ্মকালীন ট্ৰেন্সফাৰ উইণ্ডোত বাতৰিৰ শিৰোনাম দখল কৰা এক কাহিনীৰ অন্ত পৰিল। মানচেষ্টাৰ ইউনাইটেডে প্ৰায় ডেৰ মাহ পূৰ্বে ম্বেউমোৰ বাবে প্ৰথমটো অফাৰ দিছিল।
ক্লাবৰ ৱেবছাইটত নিজৰ উত্তেজনা শ্বেয়াৰ কৰি ম্বেউমোৱে কয় যে, মই মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰাৰ সুযোগ থকাৰ কথা গম পোৱাৰ লগে লগে মই পলম নকৰাকৈয়ে সিদ্ধান্ত লৈছিলো। এইটো মোৰ সপোনৰ ক্লাব, যাৰ জাৰ্চি মই সৰুতে পিন্ধিছিলো।
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া মানচেষ্টাৰ ইউনাইটেডৰ আমেৰিকা প্ৰি-ছিজন ভ্ৰমণৰ অংশ হ’ব এতিয়া প্ৰায় নিশ্চিত।
ব্ৰেণ্টফোৰ্ডৰ হৈ কেৰিয়াৰত ম্বেউমোৱে ২৪২খন মেচত ৭০টা গ’ল আৰু ৫১টা এছিষ্ট কৰিছে। ইয়াৰে ২০টা গ’ল যোৱা ছিজনত হৈছিল, অৱশ্যে ক্লাবটোৱে ইউৰোপীয় প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সংকীৰ্ণভাৱে বঞ্চিত হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
