মাকাউ, ০২ আগষ্ট (হি.স.)। মকাউ অ’পেন বেডমিণ্টন টুৰ্ণামেণ্ট ২০২৫ত ভাৰতৰ অভিযানৰ অন্ত পৰিছে। আজি শনিবাৰে ভাৰতৰ দুগৰাকী বিশিষ্ট খেলুৱৈ লক্ষ্য সেন আৰু তৰুণ মান্নেপল্লীয়ে পুৰুষৰ একক শাখাত ছেমি ফাইনেলত পৰাস্ত হয়।
দ্বিতীয় ছিড লক্ষ্য সেনক নকআউট কৰি পঞ্চম ছিড ইণ্ডোনেছিয়াৰ আলভি ফাৰহানে মাত্ৰ ৩৯ মিনিটত ২১-১৬, ২১-৯ ব্য়ৱধানত পৰাস্ত কৰে। একে সময়তে ১৯-২১, ২১-১৬, ২১-১৬ ব্য়ৱধানত কঠিন যুঁজ দি মালয়েছিয়াৰ জাষ্টিন হোহৰ হাতত পৰাস্ত হয় তৰুণ মান্নেপালী। এই খেলখন এঘণ্টা ২১ মিনিট ধৰি চলিছিল।
মন কৰিবলগীয়া যে এই ছিজনত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। বিশেষকৈ ২৩ বছৰীয়া তৰুণৰ বাবে এইটোৱেই আছিল তেওঁৰ কেৰিয়াৰৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
বিশ্ব ৰেংকিঙত ১৭ নম্বৰ স্থানত থকা লক্ষ্য সেনৰ বাবে এই ছিজন বিশেষ হোৱা নাই। এই বছৰ প্ৰথম ৰাউণ্ডত ৭ বাৰ আৰু দ্বিতীয় ৰাউণ্ডত দুবাৰ পৰাস্ত হৈছে। কান্ধ, পিঠি আৰু গোৰোহাৰ আঘাতেও তেওঁৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাইছে।
আনহাতে, বিশ্ব জুনিয়ৰ চেম্পিয়ন (২০২৩) তথা সুদিৰমান কাপত ব্ৰঞ্জৰ পদক লাভ কৰা ইণ্ডোনেছিয়ান দলৰ সদস্য আলভি ফাৰহানে উজ্জ্বল প্ৰদৰ্শন কৰি সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি লক্ষ্যক বাহিৰ কৰি দিয়ে।
প্ৰথমখন খেলত তৰুনে ১১-৬ ব্য়ৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও কিছুমান অবাধ্য ভুলৰ বাবে মালয়েছিয়াৰ খেলুৱৈগৰাকীয়ে মেচখনত থাকি স্ক’ৰ ১৮-১৮লৈ বৃদ্ধি কৰে। অৱশ্যে তৰুণে নিজৰ স্থিৰতা বজাই ৰাখি প্ৰথমখন খেলত জয়লাভ কৰে।
দ্বিতীয়খন খেলত মেচখন ঘনিষ্ঠ আছিল যদিও জাষ্টিন হোহে ১৭-১৬ ব্য়ৱধানত অগ্ৰগতি লাভ কৰাৰ পিছত একেৰাহে চাৰিটা পইণ্ট লাভ কৰি মেচখন নিৰ্ণায়ক খেললৈ লৈ যায়।
তৃতীয়খন খেলত বতাহৰ দিশৰ লগত খাপ খুৱাব নোৱাৰি তৰুণে একেৰাহে ৭ পইণ্ট হেৰুৱাই ৯-৯ ব্য়ৱধানত সমতা স্থাপন কৰে। ইয়াৰ পিছতে মালয়েছিয়াৰ খেলুৱৈগৰাকীয়ে অগ্ৰগতি বজাই ৰাখি ফাইনেলত প্ৰৱেশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
