নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। শেহতীয়াকৈ জৰ্জিয়াত অনুষ্ঠিত হোৱা ফিডে বিশ্বকাপত জয়লাভ কৰি ইতিহাস সৃষ্টি কৰা ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ দিব্যা দেশমুখে সোমবাৰে চীনৰ জিএম লেই টিংজিক ১০-৩ ব্যৱধানত পৰাস্ত কৰি মহিলা স্পীড চেছ চেম্পিয়নশ্বিপ ২০২৫ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
১৯ বছৰীয়া দিব্যাই প্ৰথম ৰাউণ্ডতে লেইৰ ওপৰত আধিপত্য বিস্তাৰ কৰি এক সুন্দৰ জয় লাভ কৰে। এতিয়া কোৱাৰ্টাৰ ফাইনেলত তিনিবাৰৰ বিশ্ব চেম্পিয়ন তথা চীনৰ জিএম হৌ য়িফানৰ বিৰুদ্ধে খেলিব। বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব এই খেলখন।
ইতিমধ্যে ভাৰতৰ আন এগৰাকী অংশগ্ৰহণকাৰী আৰ বৈশালী বাহিৰ হৈছে। যোৱা সপ্তাহত আমেৰিকাৰ আই এম এলিছ লীৰ হাতত ৬-৮ ব্যৱধানত পৰাস্ত হৈছিল।
মহিলা স্পীড চেছ চেম্পিয়নশ্বিপ হৈছে অনলাইন নকআউট প্ৰতিযোগিতাত ১৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছে ৮ গৰাকী কোৱালিফায়াৰ আৰু ৮ গৰাকী পোনপটীয়াকৈ আমন্ত্ৰিত খেলুৱৈ। মুঠ পুৰস্কাৰৰ ধন ৭৫ হাজাৰ মাৰ্কিন ডলাৰ, ইয়াৰে বিজয়ীয়ে লাভ কৰিব ৭ হাজাৰ মাৰ্কিন ডলাৰ।
প্ৰথম আৰু কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত তিনিটা ছেগমেণ্ট খেলা হয়—প্ৰথমে ৫+১ খেল ৪৫ মিনিট, তাৰ পিছত ৩+১ খেল ৩০ মিনিট আৰু শেষত ১+১ খেল ১৫ মিনিট। ছেমিফাইনেল আৰু ফাইনেলত সময়সীমা আৰু বৃদ্ধি কৰা হয়। প্ৰতিটো জয়ৰ বাবে এটা পইণ্ট আৰু ড্ৰ’ৰ বাবে আধা পইণ্ট দিয়া হয়।
প্ৰথম ছেগমেণ্টৰ পিছত দিব্যই ৩.৫-০.৫ ব্যৱধানত আগবাঢ়ি থাকে। দ্বিতীয় ছেগমেণ্টৰ শেষলৈকে তেওঁ নিজৰ অগ্ৰগতি ৭.৫-১.৫ লৈ বৃদ্ধি কৰি তাৰ পিছত চূড়ান্ত ছেগমেণ্টত ২.৫-১.৫ ব্যৱধানত জয়লাভ কৰি মেচখন জয়ী হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
