– ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২৫ চনৰ সংস্কৰণ
নতুন দিল্লী, ২৪ জুন (হি.স.)। ভাৰতীয় অল ৰাউণ্ডাৰ শ্ৰেয়াংকা পাটিল আৰু শিখা পাণ্ডেক পুনৰবাৰ মহিলা কেৰিবিয়ান প্ৰিমিয়াৰ লীগ (ডব্লিউচিপিএল)ত দেখা যাব। অহা ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২৫ চনৰ সংস্কৰণ। ইফালে ফাইনেলখন ১৭ ছেপ্টেম্বৰত গুয়ানা নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
বৰ্তমান হাত ভঙাৰ পৰা সুস্থ হৈ উঠা শ্ৰেয়াংক পাটিলক এইবাৰ ড্ৰাফট কৰিছে দুবাৰৰ চেম্পিয়ন বাৰ্বাডোছ ৰয়েলছে, যিয়ে ‘থ্ৰী-পিট’ (একেৰাহে তৃতীয়বাৰৰ বাবে খিতাপ) জয় কৰিব বিচাৰিছে।
২০২৩ চনত গিয়ানা আমাজন ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰিছিল শ্ৰেয়াংকে।
আনহাতে, অভিজ্ঞ বলাৰ শিখা পাণ্ডেক যোৱা ছিজনত সফল প্ৰদৰ্শনৰ পিছত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছে (টিকেআৰ) ধৰি ৰাখিছে।
ৰয়েলছ শক্তিশালী কোৰ ধৰি ৰাখে
হেলি মেথিউছৰ নেতৃত্বত বাৰ্বাডোছ ৰয়েলছে চিনেল হেনৰী, আফি ফ্লেচাৰ আৰু আলিয়া এলেনকে ধৰি নিজৰ মূল খেলুৱৈক ধৰি ৰাখিছে। কাইচিয়া নাইটেও দলত প্ৰথমবাৰৰ বাবে নিজৰ ঘৰুৱা ফ্ৰেঞ্চাইজিৰ হৈ খেলিব। বহিঃৰাজ্যৰ খেলুৱৈসকলৰ ভিতৰত আছে অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰ জৰ্জিয়া ৰেডমেইন, শ্ৰীলংকাৰ অ’পেনাৰ চামাৰী আটাপাট্টু, আৰু অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ কৰ্টনী ৱেব।
নাইট ৰাইডাৰসকলে যুৱ প্ৰতিভা আৰু অভিজ্ঞতা মিহলাইছে
২০২৪ চনৰ ৰানাৰ্ছ আপ ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ নেতৃত্ব দিব অভিজ্ঞ ডিয়াণ্ড্ৰা ডটিনে। দলটোত আছে ২১ বছৰৰ তলৰ যুৱ খেলুৱৈ যেনে জাহজাৰা ক্লাক্সটন, জায়দা জেমছ, জেনিয়েলা গ্লাছগো আৰু সমৰা ৰামনাথ। তেওঁলোকৰ লগতে ছাবিকা গজনাবি, ৰাছাদা উইলিয়ামছ আৰু এবিগেল ব্ৰাইছে অভিজ্ঞতা কঢ়িয়াই আনিব। দলটোৱে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ জেছ জ’নাছনৰ উভতি অহা দেখিবলৈ পাব আৰু এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন লিজেল লীয়েও ডব্লিউ চি পি এলত অভিষেক ঘটাব। যুৱ লেগ স্পিনাৰ ছালোনি ডাংগোৰকো দলটোৱে ড্ৰাফট কৰিছে।
ঘৰুৱা তাৰকাৰ ওপৰত গুয়ানাৰ আশা
২০২৫ চনৰ সংস্কৰণৰ আয়োজক গুয়ানা আমাজন ৱাৰিয়ৰ্ছে ষ্টেফানী টেইলৰ, কৰিশ্মা ৰামহাৰক আৰু শ্বাৰমেইন কেম্পবেলৰ দৰে অভিজ্ঞ তাৰকাক ধৰি ৰাখিছে। দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ শ্ববনিম ইছমাইলে একেৰাহে তৃতীয় ছিজনৰ বাবে দলত যোগদান কৰিছে। অষ্ট্ৰেলিয়াৰ বেটছমেন ল’ৰা হেৰিছেও তৃতীয় ছিজনৰ বাবে ঘূৰি আহিব, আনহাতে মেডেলিন পেনাক নতুন লেগস্পিনিং অলৰাউণ্ডাৰ হিচাপে দলত যোগ কৰা হৈছে।
টুৰ্ণামেণ্টৰ ফৰ্মেট
বাৰ্বাডোছ ৰয়েলছ, ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ আৰু গায়ানা আমাজন ৱাৰিয়ৰ্ছৰ এই তিনিটা দলে দুবাৰকৈ ডাবল ৰাউণ্ড ৰবিন ফৰ্মেটত ইজনে সিজনৰ বিৰুদ্ধে খেলিব। ১৭ ছেপ্টেম্বৰত গুয়ানা নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত প্ৰৱেশ কৰিব শীৰ্ষ দুটা দল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
