নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় মধ্য দূৰত্বৰ দৌৰবিদ পাৰভেজ খানে ড’পিংত ধৰা পৰা আৰু ১২ মাহৰ ভিতৰত তিনিটাকৈ ড’প টেষ্টৰ পৰা বঞ্চিত হোৱাৰ বাবে ৬ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব।
যোৱা বছৰ পাৰভেজে আমেৰিকান কলেজিয়েট এথলেটিকছত সুন্দৰ প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যদিও তাৰ কিছু সময়ৰ পিছতে পঞ্চকুলা (হাৰিয়ানা)ত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত তেওঁৰ নমুনাত নিষিদ্ধ ঔষধ ইৰিথ্ৰ’প’ইটিন (ইপিঅ’) পোৱা গৈছিল। ইয়াৰ পিছত তেওঁক সাময়িকভাৱে নিলম্বন কৰা হয়।
ইপিঅ’ কি?
ইপিঅ’ হৈছে ৰক্তকণিকা বৃদ্ধি কৰা ঔষধ আৰু খেলুৱৈসকলৰ ষ্টেমিনা বৃদ্ধিৰ বাবে ড’পিংত ব্যৱহাৰ কৰা হয়। চিকিৎসা ক্ষেত্ৰত ইয়াক কেন্সাৰ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
পাৰভেজে নমুনা খ পৰীক্ষা কৰা নাছিল আৰু নমুনা ক ৰ প্ৰতিবেদন গ্ৰহণ কৰিছিল।সাধাৰণতে এই অপৰাধৰ বাবে ৪ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হয়। কিন্তু ইয়াৰ উপৰিও তেওঁ ২০২৩ চনৰ ১২ মে’, ১০ জুলাই আৰু ৫ ডিচেম্বৰত তিনিটা ড’প পৰীক্ষাও বাদ দিছিল, যিটোৱে নিজৰ বাবেই দুবছৰৰ নিষেধাজ্ঞাৰ সৃষ্টি কৰিছে।
ৰাষ্ট্ৰীয় এণ্টি ডপিং ডিচিপ্লিনেৰী পেনেলে ৬ আগষ্টত দিয়া সিদ্ধান্তত কয় যে, খেলুৱাজনৰ নমুনা ইপিঅ’ পজিটিভ পোৱা গৈছে। লগতে তেওঁ ১২ মাহৰ ভিতৰত আন এটা এণ্টি ডপিং নিয়ম উলংঘা কৰিছে। সেয়েহে দুয়োটা উলংঘাৰ শাস্তি একেলগে ৰাখি নিষেধাজ্ঞাৰ সময়সীমা ৬ বছৰ নিৰ্ধাৰণ কৰা হৈছে। এই নিষেধাজ্ঞা ২০২৪ চনৰ ২৮ আগষ্টৰ পৰা কাৰ্যকৰী হোৱা বুলি বিবেচিত হ’ব, যেতিয়া তেওঁক অস্থায়ী নিলম্বন দিয়া হৈছিল। এই সময়ছোৱাত ২০২৪ চনৰ ২৭ জুনৰ পিছত তেওঁৰ সকলো প্ৰতিযোগিতামূলক ফলাফল বাতিল কৰি লাভ কৰা পদক, পইণ্ট আৰু পুৰস্কাৰ ঘূৰাই লোৱা হ’ব।
আন খেলুৱৈৰ ওপৰতো একচন
এডিডিপিৰ শেহতীয়া তালিকাত ড’পিঙৰ বাবে আন খেলুৱৈকো নিষিদ্ধ কৰা হৈছে, য’ত আছে চুম্মি (কোৱাৰ্টমাইলাৰ, হাৰিয়ানা) – ২ বছৰৰ নিষেধাজ্ঞা (১৪ অক্টোবৰ ২০২৪ৰ পৰা), ৰেশমা দত্ত কেভাটে – ৪ বছৰৰ নিষেধাজ্ঞা, শ্ৰীৰাগ এ. – ৫ বছৰৰ নিষেধাজ্ঞা, অনিৰুদ্ধ অৰবিন্দ (ৰেচিং কাৰ চালক, চেন্নাই) – ৩ মাহৰ নিষেধাজ্ঞা (২২ আগষ্টৰ পৰা), ৰোহিত চামোলী (বক্সাৰ, এছিয়ান জুনিয়ৰ স্বৰ্ণ পদক বিজয়ী ২০২১) – ২ বছৰৰ নিষেধাজ্ঞা (২৩ আগষ্টৰ পৰা), দীপক সিং (ভাৰোত্তোলন) – ৪ বছৰৰ নিষেধাজ্ঞা (২৫ ছেপ্টেম্বৰ ২০২৪ৰ পৰা), সিমৰণজিৎ কৌৰ (ভাৰোত্তোলন) – ৫ বছৰৰ নিষেধাজ্ঞা (২২ আগষ্টৰ পৰা), অৰ্জুন (মল্লযুঁজ) – ৪ বছৰৰ নিষেধাজ্ঞা (১১ জুন ২০২৪ৰ পৰা), মোহিত নন্দল (কাবডী) – ৪ বছৰৰ নিষেধাজ্ঞা (১৪ আগষ্টৰ পৰা)।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
