নতুন দিল্লী, ০৮ ডিছেম্বৰ (হি.স.)। শুকুৰবাৰে হকী ইণ্ডিয়াই ১৫ ডিছেম্বৰৰ পৰা ২২ ডিছেম্বৰলৈ স্পেইনৰ ভেলেন্সিয়াত অনুষ্ঠিত হ’বলগীয়া ৫খন দেশৰ প্ৰতিযোগিতাখনৰ বাবে ২২ জনীয়া ভাৰতীয় মহিলা হকী দল ঘোষণা কৰে।
২০২৪ চনৰ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এফ আই এইচ হকী অলিম্পিক কোৱালিফায়াৰ ৰাঞ্চি ২০২৪ৰ পূৰ্বে প্ৰস্তুতিৰ কাম কৰিবলগীয়া এই প্ৰতিযোগিতাখনত ভাৰতে আয়াৰলেণ্ড, জাৰ্মানী, স্পেইন আৰু বেলজিয়ামৰ বিৰুদ্ধে খেলিব।
শীৰ্ষ গ’লৰক্ষক সবিতাক অধিনায়ক আৰু অভিজ্ঞ বন্দনা কাটাৰিয়াক দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
দল নিৰ্বাচনৰ সন্দৰ্ভত ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক জেনেকে শ্বপমেনে কয়, ‘আমি এটা সুষম, শক্তিশালী দলৰ সৈতে গৈ আছো। এই প্ৰতিযোগিতাখনে খেলুৱৈসকলক শেহতীয়া প্ৰদৰ্শনৰ ওপৰত নিৰ্মাণ কৰিবলৈ আৰু সৰ্বগুৰুত্বপূৰ্ণ এফ আই এইচ হকী অলিম্পিক কোৱালিফায়াৰছ ৰাঞ্চি ২০২৪লৈ গৈ নিজকে সঠিক মানসিকতাত ৰাখিবলৈ এক আদৰ্শ মঞ্চ প্ৰদান কৰে।”
ইউৰোপৰ শীৰ্ষ দলসমূহৰ বিৰুদ্ধে খেলসমূহে প্ৰতিযোগিতাখনৰ পূৰ্বে উন্নতিৰ প্ৰয়োজনীয়তা থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায় কৰিব আৰু আমি এই সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আগ্ৰহী।’
ভেলেন্সিয়াত অনুষ্ঠিত হ’বলগীয়া ৫খন দেশৰ প্ৰতিযোগিতা ২০২৩ৰ বাবে ভাৰতীয় মহিলা হকী দলটো তলত দিয়া ধৰণৰ-
গ’লৰক্ষক- সবিতা (অধিনায়ক), বিচু দেৱী খাৰিবাম।
ডিফেণ্ডাৰ- নিকি প্ৰধান, উদিতা, ইশিকা চৌধুৰী, গুৰজীত কৌৰ, অক্ষতা আবাছো ঢেকলে।
মিডফিল্ডাৰ- নিশা, বৈষ্ণৱী বিত্তল ফালকে, মনিকা, চালিমা টেটে, নেহা, নৱনীত কৌৰ, সোনিকা, জ্যোতি, বলজীত কৌৰ।
ফৰৱাৰ্ড- জ্যোতি ছেত্ৰী, সংগীতা কুমাৰী, দীপিকা, বন্দনা কটাৰিয়া (উপ অধিনায়ক), বিউটি ডংডুং, শৰ্মিলা দেৱী।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
