আইনড’ভেন, (নেদাৰলেণ্ড), ১০ জুলাই (হি.স.)। ইউৰোপ ভ্ৰমণৰ দ্বিতীয়খন খেলত ইণ্ডিয়া এ পুৰুষৰ হকী দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আয়াৰলেণ্ডক ৬-০ গ’লত পৰাস্ত কৰে। এই মেচখন নেদাৰলেণ্ডৰ আইণ্ডহ’ভেনত অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলটোৱে একপক্ষীয়ভাৱে জয়লাভ কৰি এই ভ্ৰমণত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰিছিল।
উত্তম সিঙে পুনৰবাৰ দলৰ হৈ গ’ল আৰম্ভ কৰে, তাৰ পাছত অধিনায়ক সঞ্জয়ে দলৰ অগ্ৰগতি দুগুণ কৰে। ইয়াৰ পিছতে মিডফিল্ডাৰ মহম্মদ ৰাহিল মৌছিনে একেৰাহে দুটা সুন্দৰ গ’ল দিয়ে। অন্তিম পৰ্যায়ত অমনদীপ লক্ৰ আৰু বৰুণ কুমাৰে এটাকৈ গ’ল দি দলৰ জয় আৰু অধিক শক্তিশালী কৰি তুলিছে।
মেচৰ পিছত দলৰ প্ৰশিক্ষক শিবেন্দ্ৰ সিঙে কয়, আমি আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন ডাঙৰ মেচ খেলিছো আৰু খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰাত মই সুখী। পৰৱৰ্তী মেচখন ফ্ৰান্সৰ বিৰুদ্ধে আৰু আশাকৰোঁ দলটোৱে একে গতি বজাই ৰাখিব।
ইণ্ডিয়া এ দলে এতিয়া ১২ জুলাইত ফ্ৰান্সৰ বিৰুদ্ধে পৰৱৰ্তী মেচ একেখন খেলপথাৰতে দুপৰীয়া ২ বজাত (ভাৰত সময় অনুসৰি) খেলিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
