নতুন দিল্লী, ২৯ জুন (হি.স.)। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে শনিবাৰে নটিংহাম (ইংলেণ্ড)ত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচত আয়োজক ইংলেণ্ডক ৯৭ ৰানত পৰাস্ত কৰি পাঁচখন খেলৰ শৃংখলাত ১-০ গ’লত অগ্ৰগতি লাভ কৰে। এই মেচত পৰাজয়ৰ পিছত আয়োজক দলটোৱে আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। মেচখনত লেহেমীয়া অভাৰ ৰেটৰ বাবে ইংলেণ্ড দলটোক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে।
দেওবাৰে আইচিচিয়ে এক বিবৃতিত কয় যে এমিৰেটছ আইচিচিৰ আন্তঃৰাষ্ট্ৰীয় পেনেল অৱ মেচ ৰেফাৰীৰ হেলেন পেকে এই জৰিমনা বিহিছে, কিয়নো সময়ৰ ৰেহাইৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডে নিৰ্ধাৰিত লক্ষ্যতকৈ দুটা অভাৰ কম বলিং কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। এই জৰিমনা বিহা হৈছে আইচিচিৰ খেলুৱৈ আৰু খেলুৱৈ সহায়ক কৰ্মীৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদ অনুসৰি, যিয়ে নূন্যতম অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত। ইয়াৰ অধীনত নিৰ্দিষ্ট সময়ৰ ভিতৰত বলিং কৰিব নোৱাৰাৰ বাবে খেলুৱৈৰ ওপৰত প্ৰতি অভাৰৰ বিপৰীতে মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হয় ।
ইংলেণ্ডৰ অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্টে অপৰাধ স্বীকাৰ কৰি প্ৰস্তাৱিত শাস্তি গ্ৰহণ কৰে, গতিকে আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল। ফিল্ডৰ আম্পায়াৰ জেকলিন উইলিয়ামছ আৰু জেমছ মিডলব্ৰুক, তৃতীয় আম্পায়াৰ ছ্যু ৰেডফাৰ্ণ আৰু চতুৰ্থ আম্পায়াৰ আন্না হেৰিছে অভিযোগ ফ্ৰেমৱৰ্ক কৰে।
মেচখনৰ কথা ক’বলৈ গ’লে, টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত অধিনায়ক স্মৃতি মান্ধনাই ৬২টা বলত ১১২ ৰানৰ ধুমুহাময় শতকৰ ভিত্তিত ভাৰতীয় দলটোৱে ২০ অভাৰত ৫ উইকেটত ২১০ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত সমগ্ৰ ইংলেণ্ড দলটোৱে ১৪.৫ অভাৰত ১১৩ ৰান সংগ্ৰহ কৰি ৯৭ ৰানৰ বিপুল ব্যৱধানত পৰাস্ত হয়। ইফালে ১ জুলাইত ব্রিষ্টলত অনুষ্ঠিত হ’ব দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ৷
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
