নতুন দিল্লী, ২৯ ডিছেম্বৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমা আঘাত (হামষ্ট্ৰিং ষ্ট্ৰেইন)ৰ বাবে অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগা ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলখনৰ পৰা বাবে বাদ পৰিছে। চেঞ্চুৰিয়ানত খেলা বক্সিং ডে’ মেচকে ধৰি বেছিভাগ মেচৰ পৰাই তেওঁ বাহিৰত থাকে। চেঞ্চুৰিয়ানত ১৮৫ ৰানৰ মেচ বিজয়ী ইনিংছ খেলা ডিন এলগাৰে নিজৰ অন্তিমখন টেষ্টত দক্ষিণ আফ্ৰিকাক নেতৃত্ব দিব। ইফালে জুবাইৰ হামজাক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
খেলখনৰ প্ৰথম দিনা ৰাতিপুৱা ২০ তম অভাৰত লং অফৰ ফালে বল খেদি যোৱাৰ সময়ত বাভুমাই নিজকে আঘাতপ্ৰাপ্ত কৰে। ইয়াৰ পিছত তেওঁ লগে লগে খেলপথাৰৰ পৰা ওলাই যায় আৰু স্কেনৰ বাবে পঠিওৱা হয়, য’ত মাংসপেশী টানি ধৰা (ষ্ট্ৰেইন)ৰ কথা ধৰা পৰে, কিন্তু আৰু কোনো আঘাত পোৱা নগ’ল আৰু ক্ৰিকেট দক্ষিণ আফ্ৰিকাই কয় যে তেওঁক দৈনিক নিৰীক্ষণ কৰি মেচখনত তেওঁৰ অধিক অংশগ্ৰহণ নিৰ্ণয় কৰা হ’ব।
ই এছ পি এনক্ৰিচিনফ’ৰ মতে, ৰাতিপুৱাৰ ৱাৰ্ম আপত তেওঁক চমুকৈ দেখা গৈছিল যদিও তাৰ পিছত দেখা পোৱা নাছিল আৰু পিছৰ দুদিনত বাভুমাই বেটিং কৰিব নে নকৰে সেই সন্দৰ্ভত দল পৰিচালনাৰ পৰা কোনো যোগাযোগ হোৱা নাছিল।
দক্ষিণ আফ্ৰিকাৰ টেষ্ট প্ৰশিক্ষক শুক্ৰি কনৰাডে নিশ্চিত কৰে যে বাভুমা সম্পূৰ্ণ ফিট নহয় আৰু বাভুমাই বেটিং কৰিব লাগিব নে নাই সেই কথা জনাৰ পূৰ্বে দলটোৱে কোনো ৰাজহুৱা মন্তব্য দিব বিচৰা নাছিল। শেষত কনৰাডে বাভুমাক ৰিস্ক নিদিয়াৰ সিদ্ধান্ত লয় কাৰণ তেওঁ দক্ষিণ আফ্ৰিকাৰ ১৬৩ ৰানত অগ্ৰগতি যথেষ্ট আৰামদায়ক বুলি বিবেচনা কৰিছিল।
পিছত কনৰাডে কয়, টেম্বা ফিট নাছিল, যদিও তেওঁ বেটিং কৰিবলৈ সাজু আছিল আৰু আমি ইয়াক নিৰীক্ষণ কৰি থাকিলোঁ। অৱশ্যে যেতিয়া আমি লিড পাইছিলো তেতিয়া আমি অনুভৱ কৰিছিলো যে যদি আমি তেওঁক বাহিৰলৈ পঠিয়াই দিওঁ তেন্তে তেওঁৰ অধিক ক্ষতিৰ আশংকা হোৱাৰ সম্ভাৱনা আছে। আমি যদি আগতীয়াকৈ উইকেট হেৰুৱালোঁহেঁতেন তেন্তে তেওঁ বেটিং কৰিবলৈ সোমাই গ’লহেঁতেন। ১৫০ ৰান আগবাঢ়ি থকাৰ বাবে মই অনুভৱ কৰিলোঁ যে বাভুমাক চাপত ৰখাতো প্ৰয়োজন নাই।
এছএ২০ ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপৰ সৈতে তেওঁৰ পৰৱৰ্তী এচাইনমেণ্টৰ বাবে তেওঁৰ উপলব্ধতা নিৰ্ণয় কৰিবলৈ বাভুমাৰ মূল্যায়ন কৰা হ’ব। তেওঁ অহা বছৰৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ দুখন টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব নোৱাৰিব।
হিন্দুস্থান সমাচাৰ/ সুনীল/মনোজ
