
নৱী মুম্বাই, ০৩ নৱেম্বৰ (হি.স.)। অৱশেষত ৫২ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতে ২০২৫ চনৰ মহিলা বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰাণত পৰাস্ত কৰি সোণালী আখৰেৰে নিজৰ নাম খোদিত কৰে।
শ্বেফালী আৰু দীপ্তিৰ চমকেৰে ভাৰতৰ সুদৃঢ় স্ক’ৰ
ডি ৱাই পাটিল ষ্টেডিয়ামত খেলা ফাইনেলত টছ হেৰুৱাই প্ৰথমে বেটিং কৰি ৭ উইকেটত ২৯৮ ৰান সংগ্ৰহ কৰে। আঘাতপ্ৰাপ্ত প্ৰতিকা ৰাৱালৰ ঠাইত অন্তৰ্ভূক্ত হোৱা শ্বেফালী ভাৰ্মাই ৭৮ বলত ৭টা চাৰি আৰু দুটা ছয়কে ধৰি ৮৭ ৰানৰ শক্তিশালী ইনিংছ খেলে। ৫৮টা বলত ৫৮ ৰান সংগ্ৰহ কৰি উৎকৃষ্ট সহায় আগবঢ়ায় দীপ্তী শৰ্মাই।
শ্বেফালীয়ে স্মৃতি মান্ধনা (৪৫)ৰ সৈতে ১০৪ বলত ১০৬ ৰানৰ অ’পেনিং পাৰ্টনাৰশ্বিপ আৰু জেমিমাহ ৰড্ৰিগেছ (২৪)ৰ সৈতে ৬২ ৰানৰ অংশীদাৰিত্বৰে ভাৰতক শক্তিশালী আৰম্ভণি কৰে। ইয়াৰ পাছতে ৰিচা ঘোষে ২৪টা বলত ত্বৰিত ৩৪ ৰান কৰি ৰান ৰেট বজাই ৰাখে।
দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক সফল বলাৰ আয়াবংগা খাকাই ৫৮ ৰানত তিনিটা উইকেট দখল কৰে।
দীপ্তি আৰু শ্বেফালিৰ মাৰাত্মক বলিঙে ভংগ কৰে দক্ষিণ আফ্ৰিকাৰ আশা
ইফালে ২৯৯ ৰানৰ লক্ষ্য খেদি দক্ষিণ আফ্ৰিকাই দুৰ্বল আৰম্ভণি কৰিছিল যদিও অধিনায়ক ল’ৰা উলভাৰ্ডে ৯৮ বলত ১০১ ৰানৰ সুন্দৰ শতকৰে দলটোক প্ৰতিদ্বন্দ্বিতাত ৰাখিছিল। অৱশ্যে ভাৰতীয় বলাৰসকলে অতি সোনকালেই মেচখন ঘূৰাই আনে।
দীপ্তি শৰ্মাই ৫টা উইকেট দখল কৰি চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়, আনহাতে শ্বেফালী বৰ্মাই দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। আফ্ৰিকান দলটোৱে ৪৫.৩ অভাৰত ২৪৬ ৰানত অল আউট হোৱাৰ পাছত ভাৰতে ৫২ ৰানত জয়লাভ কৰে।
হৰমনপ্ৰীতৰ অধিনায়কত্বৰ অধীনত এক নতুন যুগ
মহিলা ক্ৰিকেট বিশ্বকাপত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে ভাৰতে। ইয়াৰ পূৰ্বে ২০০৫ আৰু ২০১৭ চনত টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল যদিও তাৰ পৰা আঁতৰি গৈছিল। এইবাৰ দলৰ ইতিহাসত অধিনায়ক হৰমনপ্ৰীত কৌৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
দীপ্তি শৰ্মাই কেৱল ৫৮ ৰান সংগ্ৰহ কৰাই নহয়, ১৫টা উইকেট দখল কৰি ২০০ ৰান সংগ্ৰহ কৰি এদিনীয়া বিশ্বকাপত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।
এই বিজয়ে কেৱল এটা খিতাপ নহয়, ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এক নতুন যুগৰ আৰম্ভণি—এটা মুহূৰ্ত যেতিয়া ব্লু ব্ৰিগেডে বিশ্ববাসীক প্ৰদৰ্শন কৰিলে যে মহিলা ক্ৰিকেটত ভাৰতৰ আধিপত্য অক্ষত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
