নতুন দিল্লী, ২৫ জুন (হি.স.)। ভাৰতীয় নেশ্যনেল ৰাইফল এছ’চিয়েশ্যন (এন আৰ আই)ৰ উদ্যোগত আৰম্ভ কৰা শ্বুটিং লীগ অৱ ইণ্ডিয়া (এছ এল আই)ৰ প্ৰথম সংস্কৰণৰ ঘোষণাৰ লগে লগে এই অনুষ্ঠানটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বিষয় হৈ পৰিছে। এই লীগখনক লৈ বিশ্বৰ অনুৰাগী আৰু শ্বুটাৰসকলৰ মাজত প্ৰচণ্ড উৎসাহ দেখা গৈছে।
ভাৰত, কাজাখস্তান, ৰাছিয়া, ইৰাণ, হাংগেৰী, ক্ৰ’ৱেচিয়া, আজাৰবাইজান, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, গ্ৰেনাডা, ইটালী, অষ্ট্ৰিয়া, ছাৰ্বিয়া, আমেৰিকা, স্পেইন, থাইলেণ্ড, জাৰ্মানী, চেক গণৰাজ্য, নৰৱে, ছান মেৰিনো আৰু ৰোমানিয়াকে ধৰি ২১খনতকৈও অধিক দেশৰ ৪০০ৰো অধিক শ্বুটাৰে এই লীগৰ বাবে পঞ্জীয়ন কৰিছে, আৰু এই সংখ্যা অহৰহ বৃদ্ধি পাইছে।
এন আৰ আইৰ সভাপতি কালিকেশ নাৰায়ণ সিং দেও কয়, ‘এতিয়ালৈকে পোৱা সঁহাৰি আৰু পঞ্জীয়নৰ সংখ্যাত আমি অত্যন্ত সন্তুষ্ট।এয়া আমাৰ দৃষ্টিভংগীৰ এক শক্তিশালী সমৰ্থন।আমাৰ লক্ষ্য সদায়েই হৈছে প্ৰতিভাক উদযাপন কৰা, সুস্থ প্ৰতিযোগিতাক প্ৰসাৰিত কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ শ্বুটাৰক অনুপ্ৰাণিত কৰা বিশ্বমানৰ মঞ্চ সৃষ্টি কৰা।
লীগ মূল বৈশিষ্ট্যসমূহ:
ছিজন ১: ২০২৫ চনৰ ২০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব।
ইভেন্টসমূহ:
পিষ্টল: ১০ মিটাৰ আৰু ২৫ মিটাৰ
ৰাইফল: ১০ মিটাৰ আৰু ৫০ মিটাৰ (৩ টা স্থান)
শ্বটগান: ট্ৰেপ আৰু স্কিট
সকলো প্ৰতিযোগিতা মিক্সড টিম ফৰ্মেটত অনুষ্ঠিত হ’ব
দল: প্ৰতিযোগিতাত কমেও ৬ টা দলে অংশগ্ৰহণ কৰিব। এই দলসমূহক লীগ পৰ্যায়ত দুটা পুলত বিভক্ত কৰা হ’ব।
খেলুৱৈৰ শ্ৰেণীবিভাজন:
খেলুৱৈসকলক চাৰিটা ভাগত ভাগ কৰা হ’ব —
অভিজাত চেম্পিয়ন
বিশ্ব অভিজাত শ্ৰেণী
ৰাষ্ট্ৰীয় চেম্পিয়ন
জুনিয়ৰ আৰু যুৱ চেম্পিয়ন
এই ব্যৱস্থাই প্ৰতিটো দলৰ অভিজ্ঞ আৰু উদীয়মান প্ৰতিভাৰ ভাৰসাম্যতা নিশ্চিত কৰিব। ২০২৫ চনৰ জুলাই মাহৰ মাজভাগলৈকে পঞ্জীয়ন প্ৰক্ৰিয়া খোলা থাকিব, তাৰ পিছত দল নিৰ্বাচন আৰু খচৰা প্ৰস্তুতৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
