ফিলাডেলফিয়া, ২৬ জুন (হি.স.)। আঁঠুৰ পুৰণি আঘাতৰ পুনৰ উত্থানৰ বাবে বোটাফোগোৰ ফিফা ক্লাব বিশ্বকাপৰ দলৰ পৰা বাদ দিয়া হৈছে প্ৰবীণ ডিফেণ্ডাৰ বাষ্টোছক। বুধবাৰে এই তথ্য প্ৰদান কৰে ব্ৰাজিলৰ ক্লাবটোৱে।
সোমবাৰে এটলেটিকো মাদ্ৰিদৰ বিৰুদ্ধে ১-০ গ’লত পৰাস্ত হোৱা এংগোলাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বাষ্টোছে অব্যৱহৃত বিকল্প হিচাপে দলটোত স্থান লাভ কৰে। ফেব্ৰুৱাৰী মাহৰ পৰা আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছিল যদিও শেহতীয়াকৈ ফিট হৈ পৰাৰ পিছত দললৈ উভতি আহিছিল।
অৱশ্যে মেচখনৰ পাছত তেওঁ পুনৰ আঁঠুৰ বিষৰ অভিযোগ উত্থাপন কৰে, তাৰ পিছত তেওঁক চিকিৎসাৰ বাবে ব্ৰাজিললৈ প্ৰেৰণ কৰা হৈছে।
গ্ৰুপ বিৰ দ্বিতীয় স্থান দখল কৰা বোটাফ’গোৱে এতিয়া শনিবাৰে ফিলাডেলফিয়াত অনুষ্ঠিত হ’বলগীয়া ১৬ ৰাউণ্ডৰ মেচত ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী পালমেইৰাছৰ বিৰুদ্ধে খেলিব।
এংগোলাৰ হৈ ৫৮খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিজ্ঞতা থকা বাষ্টোছে ২০২৩ চনত আল-আহলীৰ পৰা বোটাফ’গোত যোগদান কৰাৰ পিছত ক্লাবটোৰ হৈ সকলো প্ৰতিযোগিতাতে ৬০খন খেল খেলিছে।
যোৱা বছৰ কোপা লিবাৰটাড’ৰেছ (দক্ষিণ আমেৰিকাৰ শীৰ্ষ ক্লাব প্ৰতিযোগিতা) আৰু ব্ৰাজিলৰ ছিৰি এ খিতাপ জয় কৰা বোটাফ’গো দলৰ অংশ আছিল তেওঁ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
