নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি.স.)। ক্ৰ’ৱেচিয়াৰ জাগ্ৰেবত অনুষ্ঠিত বিশ্ব মল্লযুঁজ প্ৰতিযোগিতা ২০২৫ত ভাৰতক প্ৰথম সফলতা প্ৰদান কৰিছে মল্লযুঁজাৰু অন্তিম পাংঘলে। বৃহস্পতিবাৰে মহিলাৰ ৫৩ কেজি শাখাত ছুইডেনৰ অলিম্পিয়ান এমা জ’না মালমগ্ৰেনক ৯-১ ব্যৱধানত পৰাস্ত কৰি ২১ বছৰীয়া অন্তিম পাংঘলে ব্ৰঞ্জৰ পদক লাভ কৰে। কেৰিয়াৰৰ এইটো তেওঁৰ দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ পদক।
মেচৰ আৰম্ভণিতে অন্তিমে ৩-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি দ্বিতীয়াৰ্ধত শক্তিশালী ডিফেন্সৰ সৈতে অন্তিম মুহূৰ্তত দুটা উজ্জ্বল পইণ্ট আৰু এটা আচৰিত থ্ৰ’ৰে জয় নিশ্চিত কৰে। এই জয়েৰে অন্তিমে ভাৰতক এই সংস্কৰণৰ প্ৰথমটো পদক প্ৰদান কৰে।
অৱশ্যে মহিলা শাখাত প্ৰিয়ংকা মালিকে (৭৬ কেজি) ব্ৰঞ্জৰ পদক বাটত পৰাস্ত হয়, অলিম্পিকৰ পদক বিজয়ী মিলাইমিছ মেৰিনৰ হাতত ০-১০ ব্যৱধানত পৰাস্ত হয়। ইফালে বুলগেৰিয়াৰ বিলিয়ানা ডুডোভাৰ হাতত ০-৯ ব্যৱধানত পৰাস্ত হৈ ৰিপেচেজ ৰাউণ্ডত বাহিৰ হ’ল মনীষা ভানৱালা।
আনহাতে ভাৰতৰ গ্ৰীক-ৰোমান মল্লযুঁজাৰুসকলে নিজৰ নিৰাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখিলে। চাৰিওজন মল্লযুঁজাৰু জয় নোহোৱাকৈ বাহিৰ হ’ল। অনিল মৰে (৫৫ কেজি) আটাইতকৈ দুৰ্বল প্ৰদৰ্শন আগবঢ়াইছিল, মাত্ৰ ১৩ ছেকেণ্ডত বিশ্বৰ ১ নং আজাৰবাইজানৰ এলডানিজ আজিজলীৰ হাতত পৰাস্ত হৈছিল।
জাপানৰ নাও কুছাকাৰ হাতত কাৰিকৰী শ্ৰেষ্ঠত্বৰে অমান (৭৭ কেজি) পৰাস্ত হোৱাৰ বিপৰীতে ৰাহুলে (৮২ কেজি) কাজাখস্তানৰ আলমিৰ টলেবায়েভৰ হাতত ১-৭ ব্যৱধানত পৰাস্ত হয়। আনহাতে ১৩০ কেজি শাখাত সোণুৱে আয়োজক ক্ৰ’ৱেচিয়াৰ মাৰ্কো কোচেভিচৰ হাতত ৮-০ ব্যৱধানত পৰাস্ত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
