নতুন দিল্লী, ২০ ছেপ্টেম্বৰ (হি.স.)। টকিঅ’ত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত শুকুৰবাৰে ইতিহাস ৰচনা কৰে আমেৰিকাৰ স্প্ৰিণ্টাৰ নোয়া লাইলেছে। তেওঁ ২০০ মিটাৰ শাখাত চমকপ্ৰদ খিতাপ জয় কৰি উছেইন ব’ল্টৰ একেৰাহে চাৰিবাৰ খিতাপ দখল কৰাৰ অভিলেখৰ সমতা স্থাপন কৰে ।
লাইলেছে নিজৰ প্ৰিয় ২০০ মিটাৰ ইভেণ্টত ১৯.৫২ ছেকেণ্ড সময় লয়। ইয়াৰ পূৰ্বে তেওঁ ১০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০০৯ চনৰ পৰা ২০১৫ চনৰ ভিতৰত বল্টে একেৰাহে চাৰিটা ২০০ মিটাৰ খিতাপ জয় কৰিছিল, আৰু মুঠ ১১টা বিশ্ব সোণৰ পদক আৰু ৮টা অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল।
ফাইনেলত লাইলছৰ স্বদেশী সতীৰ্থ কেনি বেডনাৰ্কে ১৯.৫৮ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে জামাইকাৰ ব্রায়ান লেভেলে ১৯.৬৪ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে। অলিম্পিক চেম্পিয়ন বটছৱানাৰ লেটচিলে টেবোগোৱে মাত্ৰ ০.০১ ছেকেণ্ডত প’ডিয়ামৰ পৰা আঁতৰি চতুৰ্থ স্থান দখল কৰে।
ছেমি ফাইনেলতো লাইলেছে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল, য’ত তেওঁ ১৯.৫১ ছেকেণ্ড সময় লাভ কৰিছিল, যিটো চেম্পিয়নশ্বিপৰ ইতিহাসৰ আটাইতকৈ দ্ৰুত সময়। ফাইনেলত আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ চূড়ান্ত ১০০ মিটাৰত প্ৰচণ্ড গতি প্ৰদৰ্শন কৰি চতুৰ্থৰ পৰা প্ৰথম স্থানলৈ উন্নীত হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
