ধৰ্মশালা, ২২ অক্টোবৰ (হি.স.)। আই চি চি ক্ৰিকেট বিশ্বকাপৰ দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ নিউজিলেণ্ড দলক প্ৰথমে বেটিং কৰিবলৈ দিয়া হৈছে।
ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মেচখনত ভাৰতীয় দলত দুটা সালসলনি কৰা হৈছে। যোৱা খেলখনত আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া আৰু শাৰ্দুল ঠাকুৰে এই মেচত খেলা নাই। তেওঁলোকৰ ঠাইত সূৰ্যকুমাৰ যাদৱ আৰু বেগী বলাৰ মহম্মদ ছামীক দলত অন্তৰ্ভুক্ত কৰা হৈছে। নিউজিলেণ্ডে মেচখনত কোনো ধৰণৰ সালসলনি কৰা নাই।
দুয়োটা দল তলত দিয়া ধৰণৰ-
ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, লোকেশ ৰাহুল (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, মহম্মদ শামী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।
নিউজিলেণ্ডৰ দল : টম লেথাম (অধিনায়ক আৰু উইকেটকীপাৰ), ডেভন কনৱে, উইল ইয়ং, ৰাচিন ৰবিন্দ্ৰ, ডেৰিল মিচেল, গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, মিচেল ছাণ্টনাৰ, মেট হেনৰী, লকি ফাৰ্গুচন, ট্ৰেণ্ট ব’ল্ট।
হিন্দুস্থান সমাচাৰ/সতেন্দ্ৰ/মনোজ/অৰবিন্দ
