মেলবৰ্ণ, ২৩ ডিচেম্বৰ (হি.স.)। বক্সিং ডে’ টেষ্টৰ পূর্বে অষ্ট্ৰেলিয়াই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আঘাতৰ বাবে চতুৰ্থখন এছেছ টেষ্টৰ পৰা বাহিৰ হৈছে প্ৰবীণ অফ স্পিনাৰ নাথান লায়ন। ২৫ বছৰীয়া অফ স্পিনাৰ টড মৰ্ফীক তেওঁৰ ঠাইত ১৫ জনীয়া অষ্ট্ৰেলিয়ান দলত অন্তৰ্ভুক্ত কৰা হৈছে। বেগী বলাৰ ঝ্য়ে ৰিচাৰ্ডছনেও চাৰি বছৰৰ পাছত টেষ্ট দললৈ ঘূৰি অহাৰ পথত।
ক্ৰিকেট অষ্ট্ৰেলিয়াই নিশ্চিত কৰিছে যে এডিলেইড টেষ্টৰ অন্তিম দিনা ফিল্ডিং কৰি থকাৰ সময়তে ৩৮ বছৰীয়া নাথান লায়নে সোঁহাতত গুৰুতৰভাৱে আঘাত পাইছিল। বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰাৰ পিছত অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যাৰ ফলত তেওঁ “দীৰ্ঘদিন” ক্ৰিকেটৰ পৰা আঁতৰি থাকিব।
মৰ্ফী প্ৰথম অগ্ৰাধিকাৰ
লায়নৰ সলনি মেথিউ কুনমেন, ক’ৰি ৰ’চিঅ’লি আৰু অভিজ্ঞ লেগ স্পিনাৰ মিচেল ছুইপছনতকৈ টড মৰ্ফীক অগ্ৰাধিকাৰ দিয়া হৈছে। এই পৰ্যন্ত খেলা ৭খন টেষ্টত মাৰ্ফীয়ে ২২টা উইকেট দখল কৰিছে, এই আটাইকেইখনেই বিদেশত খেলিছে। মেলবৰ্ণ ক্ৰিকেট খেলপথাৰতো তেওঁৰ শ্বিল্ড ক্ৰিকেটৰ আকৰ্ষণীয় অভিলেখ আছে।
যদি মৰ্ফীয়ে এমচিজি টেষ্ট খেলে তেন্তে ১৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই নাথান লায়নৰ বাহিৰে আন এজন বিশেষজ্ঞ স্পিনাৰক ঘৰুৱা টেষ্টত খেলিব।
কেপ্তেইন কামিন্সো বাহিৰ
পিঠিৰ আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে চতুৰ্থখন টেষ্ট খেলিব নোৱাৰিব। ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে এই সিদ্ধান্ত তেওঁৰ “ৱৰ্কলোড মেনেজমেণ্ট প্লেন”ৰ অংশ হিচাপে লোৱা হৈছে। তেওঁৰ অনুপস্থিতিত পুনৰবাৰ অধিনায়ক হিচাপে থাকিব ষ্টিভ স্মিথে।
বেটিং আৰু দ্ৰুত বলিঙৰ পৰিৱৰ্তন সম্ভৱ
কামিন্সৰ অনুপস্থিতিয়ে দ্ৰুত বলিং আক্ৰমণত খালী স্থানৰ সৃষ্টি কৰিছে, যিটো পদৰ বাবে ব্ৰেণ্ডন ডগেট, মাইকেল নেজাৰ আৰু ঝাই ৰিচাৰ্ডছনৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰা হৈছে। শেহতীয়াকৈ কান্ধৰ অস্ত্ৰোপচাৰৰ পৰা উভতি অহা ৰিচাৰ্ডছনে টেষ্টত খেলাটো নিশ্চিত বুলি গণ্য কৰা হোৱা নাই।
বেটিং বিভাগত দল বাছনি সন্দৰ্ভতো আলোচনা চলি আছে। তৃতীয় টেষ্টত উছমান খোৱাজাই ৮২ আৰু ৪০ ৰান সংগ্ৰহ কৰি শক্তিশালী কামবেক কৰাৰ বিপৰীতে জোছ ইংলিছে এতিয়াও ৭ নম্বৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই।
পিটচত স্পিনৰ ভূমিকা
এম চি জিৰ কিউৰেটৰ মেট পেজে ইংগিত দিছে যে এইবাৰ পিটচে স্পিন বলাৰসকলকো সহায় কৰিব পাৰে, যিটো শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে শ্বিল্ড মেচ আৰু টেষ্টত দেখা গৈছে।
অষ্ট্ৰেলিয়াৰ ১৫ জনীয়া দল
ষ্টিভ স্মিথ (অধিনায়ক), স্কট ব’লেণ্ড, এলেক্স কেৰী, ব্ৰেণ্ডন ডগেট, কেমেৰন গ্ৰীণ, ট্ৰেভিছ হেড, জোছ ইংলিছ, উছমান খাৱাজা, মাৰ্নাছ লাবুশ্বেন, টড মাৰ্ফি, মাইকেল নেজাৰ, ঝাই ৰিচাৰ্ডছন, মিচেল ষ্টাৰক, জেক ৱেদাৰল্ড, বিউ ৱেবষ্টাৰ।
हिन्दुस्थान समाचार
