ৰিয়াধ, ১২ নৱেম্বৰ (হি.স.)। পৰ্তুগীজ ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে আগন্তুক ফিফা বিশ্বকাপ ২০২৬ তেওঁৰ শেষ প্ৰতিযোগিতা হ’ব ৷ তেওঁ কয় যে তেওঁৰ বিখ্যাত কেৰিয়াৰ এতিয়া শেষ হোৱাৰ ওচৰ চাপিছে।
ক্লাব আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৯৫০ টাতকৈও অধিক গ’ল দিয়া ৪০ বছৰীয়া ৰোনাল্ডোৱে লগতে প্ৰকাশ কৰে যে তেওঁ “এবছৰ বা দুবছৰৰ ভিতৰত” ফুটবলৰ পৰা অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে।
ছৌদি আৰৱৰ এখন মঞ্চত ভিডিঅ’ লিংকৰ জৰিয়তে ২০২৬ চনৰ বিশ্বকাপ তেওঁৰ শেষ প্ৰতিযোগিতা হ’ব নেকি বুলি সোধাত তেওঁ কয়, নিশ্চিতভাৱে, হয়। তেতিয়া মোৰ বয়স ৪১ বছৰ হ’ব, আৰু মই ভাবো যে সেইটোৱেই সঠিক সময় হ’ব।
বৰ্তমান ৰোনাল্ডোৱে ছৌদি আৰৱৰ ক্লাব আল-নাছৰৰ হৈ খেলে। ২০২৩ চনত ক্লাবটোত যোগদান কৰাৰ পিছত তেওঁ উল্লেখ কৰিছিল যে তেওঁ “অতি সোনকালে” অৱসৰ ল’ব। তেওঁ এতিয়া স্পষ্ট কৰি দিছে, সঁচা কথা ক’বলৈ গ’লে যেতিয়া মই ‘শীঘ্ৰে’ বুলি কৈছিলো, তেতিয়া মই বুজাইছিলো এবছৰ বা দুবছৰৰ ভিতৰত। মই এতিয়াও খেলত থাকিম, কিন্তু বেছি দিন নহয়।
পাঁচবাৰৰ বেলন ডি অৰ বিজয়ী ৰোনাল্ডোৱে এতিয়া ২০২৬ চনত ষষ্ঠ বিশ্বকাপত খেলাৰ লক্ষ্য লৈছে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০০৬ চনৰ বিশ্বকাপত, যেতিয়া পৰ্তুগালে ছেমি ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হৈছিল।
বৰ্তমান পৰ্তুগালে ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই যদিও বৃহস্পতিবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিলে নিজৰ স্থান নিশ্চিত হ’ব পাৰে।
মন কৰিবলগীয়া যে ২০২২ চনত ৰোনাল্ডোৱে মানচেষ্টাৰ ইউনাইটেড এৰি আল নাছৰলৈ গৈছিল, তাৰ পিছত আন কেইবাজনো তাৰকাইও ছৌদি ক্লাবত যোগদান কৰিছে।
যোৱা কিছু বছৰত ক্ৰীড়া আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগ কৰা ছৌদি আৰৱক ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছে।
हिन्दुस्थान समाचार
