ইছলামাবাদ, ১৮ অক্টোবৰ (হি.স.)। ২০২৬ চনৰ ফিফা বিশ্বকাপ এছিয়ান কোৱালিফায়াৰত মঙলবাৰে ইয়াত কম্বোডিয়াক ১-০ গ’লত পৰাস্ত কৰি পাকিস্তানে প্ৰথমটো জয় পঞ্জীয়ন কৰে। জিন্না স্প’ৰ্টছ ষ্টেডিয়ামত ৬৭ মিনিটত পাকিস্তানৰ হৈ বিজয়ী গ’লটো দিয়ে হাৰুণ হামিদে। পাকিস্তান ফুটবল ফেডাৰেচনৰ তথ্য অনুসৰি ফিফা বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ডৰ খেলখনত পাকিস্তানে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। চলিত মাহৰ আৰম্ভণিতে কম্বোডিয়াত দুয়োটা দলৰ মাজত গ’লবিহীন ড্ৰ’ৰ অন্ত পৰিছিল।
কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডত গ্ৰুপ জিত ছৌদি আৰব, জৰ্ডান আৰু তাজিকিস্তানৰ বিৰুদ্ধে খেলিব পাকিস্তানে। বিশ্ব ৰেংকিঙত ১৯৭ নম্বৰ স্থানত থকা পাকিস্তানে ২০১৮ চনৰ পিছত কোনো আন্তঃৰাষ্ট্ৰীয় মেচত জয়ী হোৱা নাছিল। ২০২১ চনৰ এপ্ৰিল মাহত ফিফাই পাকিস্তানক ১৫ মাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল “অনুচিত তৃতীয় পক্ষৰ হস্তক্ষেপ”ৰ বাবে, যিটো চাৰি বছৰৰ ভিতৰত দ্বিতীয়টো নিষেধাজ্ঞা আছিল। যোৱা সপ্তাহত ষ্টিফেন কনষ্টেণ্টাইনক দলটোৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল আৰু দলটোৰ ১৩খন মেচৰ পৰাজয়ৰ ধাৰাবাহিকতা অন্ত পেলোৱাৰ দায়িত্ব দিয়া হৈছিল।
২০১৯ চনৰ জুন মাহৰ পৰা কোনো আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ নকৰাৰ পিছত ২০২২ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ জুন মাহৰ ভিতৰত পাকিস্তানে পাঁচখন প্ৰীতি মেচকে ধৰি আঠখন খেল খেলিছিল যদিও সকলোবোৰতে পৰাস্ত হৈছিল – এই প্ৰক্ৰিয়াত দলটোৱে ১৮টা গ’ল খাইছিল আৰু মাত্ৰ এটা গ’ল দিছিল।
হিন্দুস্তান নিউজ / সুনীল/মনোজ/অৰবিন্দ
