নতুন দিল্লী, ২৫ জুন (হি.স.)। ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ সময়ত ফ্লেমেংগোৰ বিৰুদ্ধে ৩-১ গ’লত পৰাস্ত হোৱা মেচখনত ৰঙা কাৰ্ড লাভ কৰি চেলছীৰ ষ্ট্ৰাইকাৰ নিকোলাছ জেকচনক দুখন মেচৰ বাবে নিলম্বিত কৰা হৈছে। এই সিদ্ধান্ত ফিফাৰ অনুশাসন সমিতিয়ে গ্ৰহণ কৰিছে।
দ্বিতীয়াৰ্ধত ফ্লেমিংগোছৰ খেলুৱৈ এয়াৰটন লুকাছৰ ওপৰত বিপজ্জনক ষ্টডছ আপ টেকেলৰ বাবে খেলপথাৰৰ মাত্ৰ চাৰি মিনিটৰ পিছতে জেকচনে পোনে পোনে ৰঙা কাৰ্ড লাভ কৰে। যোৱা চাৰিখন মেচত এয়া তেওঁৰ দ্বিতীয়খন ৰঙা কাৰ্ড।
২৪ বছৰীয়া জেকচনক প্ৰথমে স্বয়ংক্ৰিয়ভাৱে এখন মেচৰ নিলম্বন দিয়া হৈছিল, যাৰ ফলত মঙলবাৰে এস্পেৰেন্স স্প’ৰ্টীভ ডি টিউনিছৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব। অৱশ্যে ফিফাৰ অনুশাসন সমিতিয়ে এই ঘটনাক “গুৰুতৰ ফাউল প্লে” বুলি শ্ৰেণীভুক্ত কৰি নিষেধাজ্ঞা বৃদ্ধি কৰে।
ফিফাই আনুষ্ঠানিক বিবৃতিত কয় যে, ফিফাৰ অনুশাসন সংহিতাৰ ১৪ নং অনুচ্ছেদৰ ১ (ই) অনুচ্ছেদ উলংঘা কৰাৰ বাবে নিকোলাছ জেকচনক দুখন মেচৰ নিলম্বন দিয়া হৈছে। এই সিদ্ধান্ত চূড়ান্ত আৰু কোনো আপীল কৰিব নোৱাৰি।
মেচৰ পিছত জেকচনেও ছ’চিয়েল মিডিয়াত নিজৰ আচৰণৰ বাবে ক্ষমা বিচাৰিছিল। যদি চেলছীয়ে পৰৱৰ্তী পৰ্যায় অৰ্থাৎ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়, তেন্তে জেকচনে সেই মেচতো খেলিব নোৱাৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
