লণ্ডন, ২৯ নৱেম্বৰ (হি.স.)। এই সপ্তাহৰ শেষৰ ফালে আৰ্চেনালৰ বিৰুদ্ধে শীৰ্ষ পৰ্যায়ৰ খেলখনৰ বাবে প্ৰিমিয়াৰ লীগলৈ ঘূৰি আহিবলৈ সম্পূৰ্ণ ফিট হৈ পৰিছে চেলছীৰ তাৰকা ফৰৱাৰ্ড ক’ল পামৰ। শুকুৰবাৰে এই কথা নিশ্চিত কৰে মেনেজাৰ এনজো মাৰেস্কাই।
বিগত ২০ ছেপ্টেম্বৰৰ পৰা পামৰ খেলপথাৰৰ পৰা আঁতৰি আছিল—প্ৰথমে গ্ৰ’ইনৰ আঘাত আৰু তাৰ পিছত ভৰিৰ আঙুলি ভাঙি যোৱাৰ বাবে। প্ৰায় দুমাহৰ পিছত তেওঁ দললৈ ঘূৰি অহাটো চেলছীৰ বাবে এক ডাঙৰ সকাহ বুলি বিবেচিত হৈছে।
মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত মাৰেস্কাই কয় যে, সকলো সুখী, তেওঁৰ সতীৰ্থসকল সুখী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ক’লে নিজেই সুখী, কাৰণ ফুটবলাৰসকলে সদায় খেলপথাৰত ঘূৰি আহিব বিচাৰে।
যোৱা ছিজনত পামৰ চেলছীৰ সৰ্বাধিক গ’লদাতা আছিল, তেওঁ প্ৰিমিয়াৰ লীগত ১৫টা গ’ল দিছিল। এই ছিজনত তেওঁ এতিয়ালৈকে সকলো প্ৰতিযোগিতাতে মাত্ৰ চাৰিখন মেচ খেলিছে, দুটা গ’ল দিছে।
মাৰেস্কাই লগতে কয়, তেওঁ সম্ভৱতঃ আমাৰ শ্ৰেষ্ঠ খেলুৱৈ। তেওঁৰ উভতি অহাত আমি অতি সুখী। এতিয়া আমি তেওঁক ক্ৰমান্বয়ে ১০০% ফিটনেছলৈ ঘূৰাই অনাৰ প্ৰয়োজন। তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে, আৰু আমি নিশ্চিত যে তেওঁ ক্লাবৰ হৈ ভাল প্ৰদৰ্শন কৰি যাব।
বৰ্তমান চেলছীয়ে আৰ্চেনালৰ পৰা ৬ পইণ্ট পিছ পৰি থকা প্ৰিমিয়াৰ লীগৰ তালিকাত দ্বিতীয় স্থানত আছে।
দেওবাৰে ষ্টেমফোৰ্ড ব্ৰীজত অনুষ্ঠিত হ’ব আৰ্চেনাল বনাম চেলছীৰ খেলখন।
हिन्दुस्थान समाचार / অৰৱিন্দ
