পেৰিছ, ২২ অক্টোবৰ (হি.স.)। অহা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া পেৰিছ মাষ্টাৰছৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টেনিছ খেলুৱৈ ছাৰ্বিয়ান ন’ভাক জ’কভিচে। ছচিয়েল মিডিয়াত তেওঁ এই ঘোষণা কৰে।
ছয় কিংছ স্লেম প্ৰদৰ্শনী প্ৰতিযোগিতাৰ সময়ত ভৰিৰ আঘাতৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ীগৰাকীয়ে এই ছিজনত অতি কম সংখ্যক টুৰ্ণামেণ্ট খেলিছে। চাৰিটা গ্ৰেণ্ড শ্লেমৰ উপৰিও তেওঁ মাত্ৰ আঠটা এ টি পি ট্যুৰ ইভেণ্টত অংশ লৈছিল।
৩৮ বছৰীয়া জ’কভিচে এই বছৰ অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন, উইম্বলডন আৰু ইউ এছ অ’পেনৰ চাৰিওটা গ্ৰেণ্ড শ্লেমৰ ছেমিফাইনেলত প্ৰৱেশ কৰে। মে’ মাহৰ শেষৰ পৰা ছেপ্টেম্বৰৰ শেষলৈকে তেওঁ কেৱল সেই তিনিখন স্লেম প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিল। শেহতীয়াকৈ ছাংহাই মাষ্টাৰছত জ’কভিচেও হিপৰ সমস্যাৰ সৈতে যুঁজিছিল, যাৰ ফলত তেওঁ ছেমিফাইনেলৰ পৰা ওলাই আহিছিল।
যোৱা সপ্তাহত ছৌদি আৰৱত অনুষ্ঠিত হোৱা ছয় কিংছ স্লেমত অংশগ্ৰহণ কৰিছিল জ’কভিচে, য’ত তেওঁ উদ্বোধনী ৰাউণ্ডত বাই লাভ কৰিছিল। প্ৰথমখন মেচত জেনিক চিনাৰৰ হাতত পৰাস্ত হোৱাৰ পিছত আঘাতৰ বাবে এটা ছেট খেলি টেইলৰ ফ্ৰিটজৰ বিৰুদ্ধে তৃতীয় স্থানৰ মেচখনৰ পৰা অৱসৰ ল’বলগীয়া হয়।
ইতিমধ্যে জ’কভিচে এ টি পি ফাইনেল (৯-১৬ নৱেম্বৰ, ইটালীৰ টুৰিন)লৈ যোগ্যতা অৰ্জন কৰিছে যদিও ২০২৪ চনত তেওঁ প্ৰতিযোগিতাখন এৰি দিছিল। এইবাৰ তেওঁৰ অংশগ্ৰহণৰ ওপৰত এতিয়া সন্দেহৰ সৃষ্টি হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
