~ ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া কাপ
নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। হকী প্ৰেমীৰ বাবে এক সুন্দৰ খবৰ। হকী ইণ্ডিয়াই মঙলবাৰে ঘোষণা কৰে যে হিৰো মেন্স এছিয়া কাপ ৰাজগীৰ, বিহাৰ ২০২৫ৰ সকলো খেলতে দৰ্শকৰ প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ’ব। ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ নতুনকৈ নিৰ্মাণ কৰা ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন বিহাৰৰ মাটিত হকীৰ এক ঐতিহাসিক উদযাপন হ’বলৈ গৈ আছে।
অনুৰাগীয়ে নিজৰ বিনামূলীয়া টিকট লাভ কৰিবলৈ www.ticketgenie.in বা Hockey India App ত পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ পিছত তেওঁলোকে লাভ কৰিব ভাৰ্চুৱেল টিকট, যাৰ ফলত ষ্টেডিয়ামত প্ৰৱেশ মসৃণ আৰু হেঁচামুক্ত হ’ব।
এই উপলক্ষে ভাষণ দি হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কীয়ে কয়, ‘ৰাজগীৰত হিৰো মেন’ছ এছিয়া কাপ আয়োজন কৰাটো ভাৰতীয় হকীৰ বাবে এক ঐতিহাসিক মুহূৰ্ত।আমি বিচাৰো প্ৰতিজন অনুৰাগীয়ে এই যাত্ৰাৰ অংশ হওক।প্ৰৱেশ মুক্ত কৰি ৰখাৰ লক্ষ্য হৈছে খেলখন যিমান পাৰি সিমান লোকৰ বাবে সুলভ কৰি তোলা যাতে পৰিয়াল, ছাত্ৰ-ছাত্ৰী আৰু যুৱ খেলুৱৈয়ে বিশ্বমানৰ হকী উপভোগ কৰিব পাৰে।এয়া কেৱল প্ৰতিযোগিতা নহয়, বৰঞ্চ এক উদযাপন খেলখনৰ আৰু বিহাৰৰ জনসাধাৰণ ইয়াৰ কেন্দ্ৰবিন্দু।”
হকী ইণ্ডিয়াৰ প্ৰধান সম্পাদক ভোলানাথ সিঙেও সুখ প্ৰকাশ কৰি কয়, “আটাইকেইখন খেলৰ বাবে দৰ্শকে বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা লাভ কৰাত আমি অত্যন্ত উৎসাহিত হৈছো।ৰাজগীৰে হকীৰ প্ৰতি প্ৰচণ্ড উৎসাহ প্ৰকাশ কৰিছে আৰু আমি নিশ্চিত যে দৰ্শকসকল বৃহৎ সংখ্যক ষ্টেডিয়ামলৈ আহিব।এই পদক্ষেপ সমগ্ৰ ভাৰতবৰ্ষত হকী সংস্কৃতিক শক্তিশালী কৰাৰ বাবে আমাৰ সংকল্প।”
এই প্ৰতিযোগিতাত এছিয়াৰ শীৰ্ষ আঠটা দল — ভাৰত, জাপান, চীন, কাজাখস্তান, মালয়েছিয়া, কোৰিয়া, বাংলাদেশ আৰু চীনা টাইপেইক অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনে এফ আই এইচ হকী বিশ্বকাপ ২০২৬ৰ বাবেও কোৱালিফায়াৰৰ বাবে প্ৰতিখন মেচক অধিক ৰোমাঞ্চকৰ কৰি তুলিছে।
ভাৰতীয় দলটোক জাপান, চীন আৰু কাজাখস্তানৰ লগতে পুল এত স্থান দিয়া হৈছে। ২৯ আগষ্টত চীনৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব, ৩১ আগষ্টত জাপানৰ বিৰুদ্ধে খেলিব আৰু ১ ছেপ্টেম্বৰত কাজাখস্তানৰ বিৰুদ্ধে চূড়ান্ত পুল মেচ খেলিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
