লণ্ডন, ২৩ আগষ্ট (হি.স.)। পুৰুষৰ দ্য হাণ্ড্ৰেড ২০২৫ত শুকুৰবাৰে নিশা ৱেলছ ফায়াৰে বাৰ্মিংহাম ফিনিক্সক ৮ উইকেটত পৰাস্ত কৰি প্লে অফৰ দৌৰত আশা জীয়াই ৰাখিছে। এই জয়ৰ লগে লগে দুয়োটা দলৰ হাতত ৮টাকৈ পইণ্ট আছে আৰু এতিয়া দুয়োটা দলৰ দুখন মেচ বাকী আছে।
অৱশ্যে নকআউটৰ পথ এতিয়াও কঠিন। দুয়োটা দলে বাকী দুয়োখন মেচতে জয়লাভ কৰিব লাগিব আৰু লগতে আশা কৰিব যে তৃতীয় স্থানত থকা নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰ্ছে পইণ্ট হেৰুৱাব। এই দৌৰত চাউদাৰ্ণ ব্ৰেভ (১২ পইণ্ট) আৰু মানচেষ্টাৰ অৰিজিনেলছ (৮ পইণ্ট)কো অন্তৰ্ভুক্ত কৰা হৈছে।
মেচখনত বাৰ্মিংহাম ফিনিক্সে প্ৰথমে বেটিং কৰাৰ সময়তে হতাশাজনক আৰম্ভণি কৰে। বেন ডাকেটক সোনকালে আউট কৰে ৰাইলী মেৰেডিথে। জো ক্লাৰ্ক আৰু উইল স্মিডে ৰানৰ হাৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল যদিও বেন কেলাৱেই ক্লাৰ্কক আউট কৰি ফিনিক্সৰ ইনিংছত জোকাৰণি তুলিছিল। দলটো ৫৮/৩ৰ পৰা ৮৫/৫লৈ লৰচৰ কৰে। ইয়াৰ পিছত বেনি হাউৱেল আৰু জেকব বেথেলে ৩৯ ৰান সংযোজন কৰি সংগ্ৰাম কৰিছিল যদিও শেষলৈকে দলটোৱে মাত্ৰ ১৩৮/৯ ৰানহে লাভ কৰিবলৈ সক্ষম হৈছিল।
লক্ষ্য খেদি খেদি ৱেলছ ফায়াৰে ভাল আৰম্ভণি কৰিছিল। ষ্টিভ স্মিথ আৰু ষ্টিফেন এস্কিনাজীয়ে ৭২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল। ৪২ ৰান সংগ্ৰহ কৰি এস্কিনাজীয়ে আউট হয় যদিও স্মিথে ইনিংছটো আগুৱাই লৈ যায়। মাজতে জনী বেয়াৰষ্টোৱে ৩৫ ৰান (২১ বল) সংযোজন কৰি দলটোক জয়ৰ দিশে ঠেলি দিয়ে। শেষত অধিনায়ক টম এবেলে চাৰিটা ৰান কৰি তেওঁলোকক জয় প্ৰদান কৰে।
চমু স্ক’ৰকাৰ্ড:
বাৰ্মিংহাম ফিনিক্স – ১৩৮/৯ (১০০ বলত), (জেকব বেথেল ৩৮, জো ক্লাৰ্ক ২৪; ক্ৰীছ গ্ৰীণ ৩/২৭, বেন কেলাৱে ২/১০, ৰাইলি মেৰেডিথ ২/২৫)
ৱেলছ ফায়াৰ – ১৪০/২ (৮৯ বলত)
(ষ্টিভেন স্মিথ ৪৭*, ষ্টিফেন এস্কিনাজী ৪২, জনী বেয়াৰষ্টো ৩৫)
ফলত ৱেলছ ফায়াৰে ৮ উইকেটত জয়লাভ কৰে।
हिन्दुस्थान समाचार
