কোকৰাঝাৰ ২২ ডিচেম্বৰ (হি.স.): বডোলেণ্ড আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সকলৰ স্মৃতিত দোতমাত যোৱা কালি দেওবাৰে বিয়লি ২৭ সংখ্যক দাওহাৰু মুংখলং ট্ৰফীৰ চুৰান্ত খেল খন অনুষ্ঠিত হয় । ঊক্ত খেল খন শুভ উদ্বোধন কৰে বিটিছিৰ মূখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে ।
বিটিছি প্ৰধান জনৰ লগতে উপস্থিত থাকে এমছিএলএ যুবিৰাজ বসুমাতাৰী, এজামূল হ’ক, কৰ্মেশ্বৰ ৰায় আদি । চুৰান্ত খেলখন বিজনী ফেৰেংগা ক্লাব আৰু গোসাইগাও এফছি ৰ মাজত অনুষ্ঠিত হয় । চুৰান্ত খেলখনত বিজনী ফেৰেংগা ক্লাব বিজয় হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
