লণ্ডন, ১৪ জুলাই (হি.স.)। ইটালীৰ জানিক ছিনাৰে দেওবাৰে উইম্বলডনৰ ফাইনেলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল কৰে। সামগ্ৰিকভাৱে ছিনাৰৰ চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ।
এই জয়ৰ জৰিয়তে ছিনাৰে পাঁচ সপ্তাহ পূৰ্বে ফ্ৰেন্স অ’পেনৰ ফাইনেলত আলকাৰাজৰ হাতত পৰাজয়ৰ প্ৰতিশোধ লোৱাই নহয়, গ্ৰেণ্ড শ্লেমৰ ফাইনেলত স্পেনিছ খেলুৱৈগৰাকীৰ অপৰাজিত ধাৰাও ভংগ কৰে।
খেলখনৰ প্ৰথম ছেটত পৰাস্ত হয় বিশ্বৰ ১ নম্বৰ ছিনাৰ। ইয়াৰ পিছত তেওঁ এক সুন্দৰ প্ৰত্যাবৰ্তন কৰি পৰৱৰ্তী সকলো ছেট জয় কৰি মেচখন জয়ী কৰে। প্ৰথম ছেটত আলকাৰাজে অগ্ৰগতি লাভ কৰিছিল যদিও ইয়াৰ পিছত ছিনাৰে একে স্ক’ৰলাইনেৰে একেৰাহে তিনিটা ছেটত জয়লাভ কৰিছিল (৬-৪, ৬-৪, ৬-৪)।
ফাইনেলত জয়লাভ কৰাৰ পিছত ২৩ বছৰীয়া জানিক ছিনাৰে কয় যে, এই মুহূৰ্তটো মোৰ বাবে অতি বিশেষ। উইম্বলডন জয় কৰাটো প্ৰতিজন খেলুৱৈৰ সপোন, আৰু আজি সেই সপোন বাস্তৱায়িত হ’ল।
আলকাৰাজৰ জয়ৰ ধাৰা ভংগ
উইম্বলডনত এই পৰাজয়ৰ ফলত কাৰ্লোছ আলকাৰাজৰ ২০খন মেচৰ অপৰাজিত ধাৰাবাহিকতাৰ অন্ত পৰিল। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ আৰু ২০২৪ চনত ন’ভাক জ’কভিচক পৰাস্ত কৰি খিতাপ দখল কৰিছিল। লগতে চেণ্টাৰ ক’ৰ্টত ২৪খন মেচত অপৰাজিত হৈ আছিল।
মন কৰিবলগীয়া যে উইম্বলডনত শেষবাৰৰ বাবে আলকাৰাজ পৰাস্ত হৈছিল ২০২২ চনত জানিক ছিনাৰৰ হাতত, যেতিয়া দুয়োজনে চতুৰ্থ ৰাউণ্ডত মুখামুখি হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
