শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.)। ত্ৰয়োদশ অসম ৰাজ্যিক যুৱ কাৰাটে (UKAA)প্ৰতিযোগিতা খন যোৱা ১৫ আৰু ১৬ নৱেম্বৰত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়।
এই প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা তেজপুৰ শ’লমৰাস্থিত আৰ্মী পাব্লিক স্কুলৰ ছাত্ৰ মৌলিক মাহাতোই আৰু হৃদম মাহাতোই দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক অৰ্জন কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
