ৱেলিংটন, ২৭ জুন (হি.স.)। নিউজিলেণ্ডে আগন্তুক টি-২০ তিনিকোণীয়া শৃংখলা (ট্ৰাই ছিৰিজ)ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। এই শৃংখলাৰ আন দুটা দল হৈছে দক্ষিণ আফ্ৰিকা আৰু আয়োজক জিম্বাবুৱে। এই দললৈ ঘূৰি আহিছে দ্ৰুত বলাৰ এডাম মিলন আৰু মেট হেনৰী।
ডিচেম্বৰ মাহত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অংশ হিচাপে অংশগ্ৰহণ কৰা আনকেপড বেটছমেন বেভান জেকবছে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। ২৩ বছৰীয়া জেকবছক পুনৰবাৰ সুযোগ দিয়া হৈছে আৰু ঘৰুৱা ক্ৰিকেট আৰু বিভিন্ন ফ্ৰেঞ্চাইজি লীগত তেওঁৰ প্ৰদৰ্শনে প্ৰভাৱিত কৰিছে বুলি প্ৰশিক্ষকগৰাকীয়ে বিশ্বাস কৰে।
নৱেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে এডাম মিলনে দললৈ উভতি অহাৰ বিপৰীতে মেট হেনৰীয়ে কান্ধৰ আঘাতৰ পৰা সুস্থ হৈ উঠি পুনৰ উভতি আহিছে। আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সময়ত তেওঁ সেই আঘাতৰ সন্মুখীন হৈছিল।
একে সময়তে আঘাতৰ বাবে দ্ৰুত বলাৰ বেন ছিয়াৰ্ছ উপলব্ধ নাথাকিব, লকি ফাৰ্গুচনক কৰ্মবোজা ব্যৱস্থাপনাৰ অধীনত জিৰণি দিয়া হৈছে আৰু পাৰিবাৰিক কাৰণত (প্ৰথম সন্তানৰ জন্মৰ বাবে অপেক্ষা কৰি) কাইল জেমিছন এই ভ্ৰমণত নাথাকিব। ডেভন কনৱে আৰু মিচ হেও দলৰ অংশ নহয়, আনহাতে উইকেট ৰক্ষাৰ দায়িত্ব টিম ছেইফাৰ্টৰ হাতত অৰ্পণ কৰা হৈছে। নিৰ্বাচনৰ বাবে নিজকে অনুপলব্ধ কৰিছে অধিনায়ক কেন উইলিয়ামছনে।
এই ভ্ৰমণ নিউজিলেণ্ডৰ নতুন মুখ্য প্ৰশিক্ষক ৰব ৱালটাৰৰ প্ৰথমটো নিযুক্তি হ’ব। তেওঁ এক বিবৃতিত কয় যে, ‘মই ভাবো যে এই ভ্ৰমণৰ বাবে আমাৰ এটা শক্তিশালী দল আছে আৰু খেলুৱৈসকলৰ সৈতে কাম আৰম্ভ কৰিবলৈ পাই মই উৎসাহিত হৈছো।’
তেওঁ আৰু কয়, মাৰ্চ মাহৰ পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাত আই পি এলৰ বাবে উপলব্ধ নোহোৱা খেলুৱৈসকলক পুনৰ দলটোত দেখাটো ভাল। এই তিনি কোণীয়া শৃংখলা খন অতি উত্তম হ’ব, দক্ষিণ আফ্ৰিকা এটা শক্তিশালী দল আৰু জিম্বাবুৱে ঘৰুৱা পৰিস্থিতিত সদায় প্ৰত্যাহ্বানমূলক।
ৰব ৱালটাৰে এডাম মিলনৰ অভিজ্ঞতাক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে তেওঁৰ বলিং বিশেষকৈ পাৱাৰপ্লে’ত অতি ফলপ্ৰসূ।
ইয়াৰ সমান্তৰালকৈ তেওঁ এই শৃংখলা খনক অহা বছৰৰ আইচিচি টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি অভিহিত কৰে।
তেওঁ কয়, বিশ্বকাপৰ কথা মনত ৰাখি এই শৃংখলাটো আমাৰ প্ৰস্তুতিৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায়। ই আমাক বিভিন্ন খেলুৱৈ আৰু কম্বিনেচন চেষ্টা কৰাৰ সুযোগ দিব।
নিউজিলেণ্ড দল (টি ২০ ট্ৰাই ছিৰিজ ২০২৫):-
মিচেল ছাণ্টনাৰ (অধিনায়ক), ফিন এলেন, মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, জেকব ডাফী, জেক ফকছ, মেট হেনৰী, বেভান জেকবছ, এডাম মিলন, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ, টিম ছেইফাৰ্ট, ইছ ছ’ধি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
