তামুলপুৰ, ২৩ ডিচেম্বৰ (হি.স.)। আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জিলাভিত্তিক মুখ্যমন্ত্ৰীৰ চাহ জনজাতি আৰু আদিবাসী ফুলবল টুৰ্নামেণ্ট, ২০২৫-২৬ অনুষ্ঠিত হয়। আদৰণী ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাখনত ক্ৰীড়াৰ এক সুন্দৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰি খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে ভৱিষ্যৎ পৰিকল্পনাৰ কথাও দোহাৰে। খেলখন মুকলি কৰে শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে। তেওঁ বিশ্ববিখ্যাত তথা সকলোৰে শ্ৰদ্ধেয় মহান ফুটবল খেলুৱৈসকলৰ উদ্ধৃতিৰে যুৱ খেলুৱৈসকলক ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ আহ্বান জনায়।
উল্লেখ্য যে যোৱা ১৪ ডিচেম্বৰত জিলাখনৰ ৪৩-তামুলপুৰ বিধানসভা আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিৰ মাজত বিধানসভাভিত্তিক খেলখন অনুষ্ঠিত হৈ যোৱাৰ পাছত আজি দুয়োটা বিধানসভা সমষ্টিৰ বিজয়ী দল দুটাৰ মাজত জিলাভিত্তিক খেলখন অনুষ্ঠিত হয়। ইয়াৰ পাছত জ’নেলভিত্তিক খেলখন অনুষ্ঠিত হ’ব চিৰাং জিলাত। তাত বিজয়ী দলটো ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হ’ব। আজি জিলাভিত্তিক খেলখনত ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ দলটোৱে ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ দলটোক ৪-০ গ’লত পৰাস্ত কৰি জয়ী হয়। চিন্ময় পাঠকে আঁতধৰা আজিৰ অনুষ্ঠানটিত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ উপৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ মহেশ্বৰ বসুমতাৰী, ক্ৰীড়া বিষয়া দেৱাংগ মহলীয়া, তামুলপুৰ ক্ৰীড়া সন্থাৰ উপ-সভাপতি ফ্ৰিদং স্বৰ্গীয়াৰী, সমাজকৰ্মী দিগন্ত কুমাৰ বেজবৰুৱাকে ধৰি জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
