নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত মঙলবাৰে নিশা অনুষ্ঠিত হোৱা দিল্লী প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণৰ এক ৰোমাঞ্চকৰ খেলত ইষ্ট দিল্লী ৰাইডাৰ্ছে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই পূৰণি দিল্লীক ৬ উইকেটত পৰাস্ত কৰে।
১৮৩ ৰানৰ লক্ষ্য খেদি ৰাইডাৰ্ছে এক সুন্দৰ আৰম্ভণি কৰে। প্ৰথম বলৰ পৰাই অ’পেনাৰ অৰ্পিত ৰাণা আৰু সুজল সিঙে আধিপত্য বিস্তাৰ কৰি ১৪৯ ৰানৰ এক বৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছিল। অৰ্পিতে ৫২টা বলত চমকপ্ৰদ ৮৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে সুজলে ৪৬টা বলত ৫৯ ৰানৰ ইনিংছ খেলিছিল।
কিন্তু ১৭ নং অভাৰত খেলখনে টাৰ্ণ লয় যেতিয়া পুৰণি দিল্লী ৬ৰ বলাৰসকলে আক্ৰমণ কৰি দুয়োজন ছেট বেটছমেনক পেভিলিয়নলৈ প্ৰেৰণ কৰে আৰু স্ক’ৰ ১৪৯/০ৰ পৰা ১৬০/৫লৈ কৰ। কিন্তু ৫ নম্বৰ স্থানত বেটিং কৰিবলৈ অহা ময়ংক ৰাৱটে অপৰাজিত ২২ ৰান (১০ বল) সংগ্ৰহ কৰি ১৯.৪ অভাৰত দলটোক জয়ৰ দিশত আগুৱাই লৈ যায়।
ইয়াৰ পূৰ্বে পুৰণি দিল্লী ৬য়ে প্ৰতিযোগিতামূলক স্ক’ৰ ১৮২/৮ লাভ কৰিছিল। প্ৰণৱ পণ্টে ৪১টা বলত ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে সমৰ্থ ছেঠ (৩৫ ৰান, ২৩ বল) আৰু অধিনায়ক বংশ বেডীয়ে (২৮ ৰান, ১১ বলত) দ্ৰুত অৱদান আগবঢ়ায়। বলিঙত ইষ্ট দিল্লী ৰাইডাৰ্ছৰ নৱদীপ ছাইনীয়ে ৪ অভাৰত ২২ ৰানত ২ উইকেট দখল কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।
চমু স্ক’ৰঃ পুৰণি দিল্লী ৬: ১৮২/৮, ২০ অভাৰ (প্ৰণৱ পন্ত ৬৪, সমৰ্থ ছেঠ ৩৫, বংশ বেদী ২৮; নৱদীপ ছাইনী ২/২২) ইষ্ট দিল্লী ৰাইডাৰ্ছ: ১৮৩/৫, ১৯.৪ অভাৰ (অৰ্পিত ৰানা ৮৭, সুজল সিং ৫৯, ময়ংক ৰাৱাট ২২*)
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
