নতুন দিল্লী, ০৯ জুলাই (হি.স.)। আইচিচিৰ শেহতীয়া টেষ্ট খেলুৱৈৰ ৰেংকিঙত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। ইংলেণ্ডৰ যুৱ বেটছমেন হেৰী ব্ৰুক নিজৰ সতীৰ্থ জো ৰুটক অতিক্ৰম কৰি বিশ্বৰ ১ নম্বৰ টেষ্ট বেটছমেন হিচাপে পৰিগণিত হৈছে। ভাৰতৰ অধিনায়ক শুভমন গিলেও নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং লাভ কৰিছে, আৰু তেওঁ এতিয়া ষষ্ঠ স্থানত উপনীত হৈছে।
ভাৰতৰ বিৰুদ্ধে এডগবাষ্টন টেষ্টৰ প্ৰথম ইনিংছত ব্ৰুকে ১৫৮ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল, যাৰ বাবেই তেওঁ শীৰ্ষ স্থান দখল কৰিছিল। এই প্ৰদৰ্শনৰ পিছত এতিয়া ৰুট দ্বিতীয় স্থানলৈ পিছলি গৈছে। খোদ এডগবাষ্টনত শুভমন গিলে ২৬৯ আৰু ১৬১ ৰানৰ দুটা ইনিংছ খেলি টেষ্ট ক্ৰিকেটৰ এখন খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। তেওঁৰ উৎকৃষ্ট ফৰ্মে তেওঁক ৰেংকিঙৰ ষষ্ঠ স্থান প্ৰদান কৰিছে। এতিয়া তেওঁ ব্ৰুকতকৈ মাত্ৰ ৭৯ ৰেটিং পইণ্ট পিছ পৰি আছে।
উইকেটকীপাৰ বেটছমেন জেমী স্মিথেও এক বৃহৎ জাম্প কৰিছে। ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ১৮৪ আৰু ৮৮ ৰান* ইনিংছৰ বাবে পোনপটীয়াকৈ ২৬ নং স্থানৰ পৰা দশম স্থানলৈ জপিয়াই পৰিছে।
জিম্বাবুৱেৰ বিৰুদ্ধে অপৰাজিত ৩৬৭ ৰান কৰি বেটছমেনৰ তালিকাত ২২ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে দক্ষিণ আফ্ৰিকাৰ উইয়ান মুল্ডাৰে। ইয়াৰ লগে লগে তেওঁ ১২টা স্থান জপিয়াই অল-ৰাউণ্ডাৰৰ তালিকাত তৃতীয় স্থান দখল কৰিছে। এই তালিকাৰ শীৰ্ষত আছে ভাৰতৰ ৰবীন্দ্ৰ জাডেজা।
বলাৰৰ কথা ক’বলৈ গ’লে এডগবাষ্টন টেষ্টত খেলিব নোৱাৰাৰ পাছতো ভাৰতৰ জছপ্ৰিত বুমৰাহ ১ নম্বৰ টেষ্ট বলাৰ হৈ আছে। মহম্মদ ছিৰাজেও ৬ টা স্থান জপিয়াই এতিয়া ২২ নম্বৰ স্থান দখল কৰিছে।
এদিনীয়া ৰেংকিঙতো পৰিৱৰ্তন
শ্ৰীলংকাৰ অধিনায়ক চৰিথ আছলাংকাই এদিনীয়া বেটছমেনৰ তালিকাত ষষ্ঠ স্থান দখল কৰাৰ বিপৰীতে কুছাল মেণ্ডিছ এতিয়া দশম স্থানত আছে। বাংলাদেশৰ বিৰুদ্ধে তিনিখন মেচত ৯টা উইকেট দখল কৰি বলাৰ তালিকাৰ অষ্টম স্থান দখল কৰিছে ৱানীন্দু হাছাৰাংগাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
