গুৱাহাটী, ১৯ ডিচেম্বৰ (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত ২২ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৮৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত অসম পুৰুষ আৰু মহিলা দলৰ দল ঘোষণা কৰা হৈছে।
অসম বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক ওমৰ ৰছিদে এক বিবৃতিত কয় যে নিৰ্বাচিত দলটো বিজয়াৱাদালৈ যাত্ৰা কৰিব। এই চেম্পিয়নশ্বিপত ৰাজ্যৰ শীৰ্ষ শ্বাটলাৰসকলে বিভিন্ন শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব।
পুৰুষৰ দলটোত আছে অৰিজিত চলিহা, তন্ময় বিকাশ বৰুৱা, বৰ্ণিল আকাশ চাংমাই, হিমানিষ দাস, সুৰজ গোৱালা, নিবিৰ ৰঞ্জন চৌধুৰী, জ্যোতিস্ময় গগৈ, সৌৰভ দাস, বিশাল দেৱ চৌধুৰী, চৈয়দ আলী ৰেজা, অয়ন ৰছিদ, স্বৰ্ণৰাজ বৰা, অনিমেশ গগৈ, অনয়ন বৰা, অংশুমান কাশ্যপ আৰু দীক্ষিত গগৈ।
মহিলা দলটোত আছে ইছাৰাণী বৰুৱা, শান্তিপ্ৰিয়া হাজৰিকা, ময়ুৰী বৰ্মন, গাৰ্গী শইকীয়া, মনালী বৰা, ভৱিষ্য সংগমাই, অনুশ্ৰী মহন্ত, লাভী বৰুৱা, প্ৰিঞ্চি দাস, যশস্বী দেৱনীল, অভিকা বৰগোহাঁই, সুজেন বুঢ়াগোহাঁই আৰু ঋক্ষিতা চলিহা।
প্ৰশিক্ষক হিচাপে বহ্নিমান বৰা, অভিজিত দত্ত, আৰু অমিত সাহা দলৰ লগত থাকিব। ইয়াৰ উপৰি আৰু ফিজিঅ’থেৰাপিষ্ট হিচাপে গংগোত্ৰী দত্ত দলটোৰ সৈতে যাত্ৰা কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
