• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ছিডনী টেষ্টঃ দ্বিতীয় দিনা সোমবাৰৰ খেল অন্ত, জো ৰুটৰ পণ্টিঙৰ অভিলেখৰ সমতা
Sports

ছিডনী টেষ্টঃ দ্বিতীয় দিনা সোমবাৰৰ খেল অন্ত, জো ৰুটৰ পণ্টিঙৰ অভিলেখৰ সমতা

CliQ INDIA
Last updated: January 5, 2026 7:36 pm
CliQ INDIA
Share
2 Min Read
SHARE

– অষ্ট্ৰেলিয়াৰ শক্তিশালী আৰম্ভণি

ছিডনী, ০৫ জানুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ এছেছ শৃংখলাৰ অন্তিম টেষ্ট ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱা ইংলেণ্ডে প্ৰথম ইনিংছত ৩৮৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই দ্বিতীয় দিনা সোমবাৰৰ খেলৰ শেষলৈকে প্ৰথম ইনিংছত ২টা উইকেট হেৰুৱাই ১৬৬ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় দিনা ইংলেণ্ডৰ অভিজ্ঞ বেটছমেন জো ৰুটে পুনৰবাৰ নিজৰ বেটিং দক্ষতা প্ৰমাণ কৰিলে। ৰুটে ২৪২টা বলৰ সন্মুখীন হৈ ১৫টা চাৰিটাকে ধৰি ১৬০ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটছমেন ৰিকি পণ্টিঙৰ সমান কৰি এইটোৱেই আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ ৪১ সংখ্যক শতক। টেষ্ট কেৰিয়াৰত ১৬৮খন মেচত ৪১টা শতক অৰ্জন কৰিছিল পণ্টিঙে। এতিয়া সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত যৌথভাৱে তৃতীয় স্থানত উপনীত হৈছে জো ৰুট।

এই তালিকাত কেৱল ভাৰতৰ কিংবদন্তি শচীন টেণ্ডুলকাৰ (৫১ শতিকা) আৰু দক্ষিণ আফ্ৰিকাৰ জেক কালিছ (৪৫ শতিকা)হে ৰুটতকৈ আগবাঢ়ি আছে। ইয়াৰ উপৰিও উল্লেখযোগ্য যে ২০২১ চনৰ পিছত এইটো ৰুটৰ ২৪ সংখ্যক টেষ্ট শতক, এই সময়ছোৱাত যিকোনো বেটছমেনৰ সৰ্বাধিক।

ইংলেণ্ডৰ প্ৰথম ইনিংছত ৰুটৰ উপৰিও হেৰী ব্ৰুক ৮৪ ৰান আৰু জেমী স্মিথে ৪৬ ৰান সংগ্ৰহ কৰে। উইল জেকছ আৰু বেন ডাকেটে ২৭ ৰানকৈ বৰঙণি আগবঢ়ায়।

অষ্ট্ৰেলিয়াৰ হৈ ৪টা উইকেট দখল কৰি সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয় মাইকেল নেজাৰ। মিচেল ষ্টাৰক আৰু স্কট ব’লেণ্ডে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে কেমেৰন গ্ৰীণ আৰু মাৰ্নাছ লাবুশ্বানে এটাকৈ উইকেট দখল কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই শক্তিশালী আৰম্ভণি কৰিলে। দ্বিতীয় দিনৰ খেলৰ শেষলৈকে দলটোৱে দুটা উইকেট হেৰুৱাই ১৬৬ ৰান সংগ্ৰহ কৰিছিল। ট্ৰেভিছ হেডে উৎকৃষ্ট ফৰ্মত আছে, ৮৭টা বলত অপৰাজিত ৯১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নাইট চকীদাৰ মাইকেল নেজাৰে ১৫টা বলত ১ ৰান কৰি অপৰাজিত হৈ আছে। অ’পেনাৰ জেক ৱেদাৰাল্ডে ২১ আৰু মাৰ্নাছ লাবুশ্বানে ৪৮ ৰান সংগ্ৰহ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

নিউজিলেণ্ড ক্ৰিকেটত উচ্চ প্ৰদৰ্শনৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ গেৰী ষ্টেডৰ
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ পৰা আঁতৰিল মাৰ্নাছ লাবুশ্বান, ষ্টিভ স্মিথেও আঘাতৰ বাবে খেলিব নোৱাৰিব
দলটোৰ সৈতে গুৱাহাটীলৈ যাত্ৰা শুভমন গিল, দ্বিতীয়খন টেষ্টত তেওঁৰ অংশগ্ৰহণ অনিশ্চিত
ইংলেণ্ডৰ কিংবদন্তি ক্ৰিকেটাৰ ৰবিন স্মিথৰ ৬২ বছৰ বয়সত মৃত্যু
বিশ্বকাপত দুটা দশকৰ পিছত ইংলেণ্ডক ধুলিসাৎ কৰিবলৈ খেলপথাৰত নামিব ভাৰত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ধিঙত বনৰীয়া হাতীৰ উপদ্ৰৱ – HindusthanSamachar Assamese
Next Article ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াৰএক্সেল এণ্টাৰটেইনমেণ্টত বৃহৎ অংশীদাৰিত্ব লাভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?