
চৰাইদেউ, ২০ নৱেম্বৰ (হি.স.)। চৰাইদেউৰ পাটসাঁকোত প্ৰথম বাৰৰ বাবে সদৌ অসম ভিত্তিত প্ৰাইজমানি চৰাইদেউ প্ৰিমিয়াৰ ক্ৰিকেট লীগ আয়োজন কৰা হৈছে ।পাটসাঁকোৰ আয়ান ফাউণ্ডেচন আৰু পাটসাঁকো ইউথ ক্লাৱৰ উদ্যোগত পাটসাঁকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মঙ্গলবাৰৰ পৰা তিনিদিনিয়াকৈ আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা ।
যাৰ বাবে দ্ৰুত প্ৰস্তুতি অব্যাহত ৰাখিছে উদ্যোক্তাই । প্ৰতিযোগিতাত বিশেষ ভাবে ধাৰাভাষ্যকাৰী ৰূপত উপস্হিত থাকিব আই পিএলৰ জনপ্ৰিয় ধাৰাভাষ্যকাৰী সুমিত কুমাৰ মিশ্ৰ।প্ৰতিযোগিতাস্থলিত শচীন টেন্ডুলকাৰ,বিৰাট কোহলিৰ লগতে বহুকেইজন জনপ্ৰিয় ক্ৰীকেটাৰৰ ছবি পকী বেৰাত আঁকি জিলিকাই তুলিছে স্থানীয় শিল্পী পৱিত্ৰ বৰুৱাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
